আগষ্ট মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ`ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

0 542

আজি জনতা ভৱনত শিক্ষামন্ত্রী ৰণোজ পেগুৰ লগতে বিভাগীয় বিষয়ববীয়া সকল, আছুৰ উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচার্য আৰু আন সদস্যবৃন্দকে ধৰি বিভিন্ন দল-সংগঠনৰ মূৰব্বী সকলৰ সৈতে অনুষ্ঠিত হোৱা এক জৰুৰীকালীন বৈঠকত পৰিস্থিতি সুস্থিৰ হ’লে আগষ্টৰ প্ৰথম সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।সংকুচিত বিষয় আৰু সংকুচিত শিক্ষাৰ্থীৰ সৈতে ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
পৰীক্ষাৰ পূর্বে ছেবা কৰ্তৃপক্ষৰ দ্বাৰা নতুন সংশোধিত নিয়মাৱলী প্ৰস্তুত কৰা হ’ব বুলি শিক্ষামন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে।শেষত সকলো শিক্ষাৰ্থীক পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ শিক্ষামন্ত্রী ৰণোজ পেগুৱে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.