আজাদী উৎসৱৰ আয়োজন

0 255

ৰাষ্ট্ৰীয় কবি সংগমৰ অসম প্ৰান্তৰ উদ্যোগত ৪ আগষ্টত এখন ৰাষ্ট্ৰীয় কবি সন্মিলনৰ আয়োজন কৰা হৈছে। আজাদী উৎসৱ পালনৰ লগত সংগতি ৰাখি এই কবি সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলন খন গুৱাহাটীৰ প্ৰাগজ্যোতি সংস্কৃতিক প্রকল্পত ৪ আগষ্টত সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই সন্মিলনত সত্যনাৰায়ন সন্তন ( নৱৰস), ডঃ ৰাহত ইন্দোৰী ( শায়ৰ), ডঃ ( কৰ্ণেল) বি পি সিংহ ( বীৰ দাস), ডঃ জোৎস্না শৰ্মা ( শৃংগাৰ ৰস) , ডঃ অনিল চৌৱে ( হাস্য ৰস) আদি উপস্থিত থাকিব বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সাংবাদমেল যোগে জনায় ৰাষ্ট্ৰীয় কবি সংগমৰ অসম প্ৰান্তৰ প্ৰান্তীয় অধ্যক্ষ চন্দ্ৰ প্ৰকাশ পোদ্দাৰ আৰু সংযোজক মনোজ মোদীয়ে।সংবাদমেলযোগে ৰাষ্ট্ৰীয় কবি সংগমৰ অসম প্ৰান্তৰ প্ৰান্তীয় অধ্যক্ষ চন্দ্ৰ প্ৰকাশ পোদ্দাৰে কয় ” এই সন্মিলন খনত দেশৰ আগশাৰীৰ ৬ গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰিব। ” সংবাদ মেল যোগে সন্মিলনৰ উপাধ্যক্ষ সুৰেন কুমাৰ ৰাগবিয়ে কয় ” এই সন্মিলন ন পুৰণিৰ এক সমাহাৰ। দেশৰ লগতে বিশ্বৰ নাম প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস। সম্পূৰ্ণ হিন্দী ভাষাৰ লগতে থলুৱা ভাষাৰ কবিতাই একেলগে আগবাঢ়িব বুলি তেওঁ উল্লেখ কৰে।” সংবাদমেলত সন্মিলনৰ উপাধ্যক্ষ ডঃ অপৰাজিতা ডেকা, প্ৰান্তীয় মন্ত্ৰী হেমলতা গোলছা, প্ৰান্তীয় সংযোগক অশোক বাগৰীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এই সন্মিলনত সকলোৰে উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে।

Leave A Reply

Your email address will not be published.