সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি.এছ.এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যি সকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা, বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয়। আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি. আই.জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ.চি.সিঙে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কমাণ্ডেন্ট ডাঃ বিনয় কুমাৰ, সহকাৰী কমাণ্ডেন্ট বলজিৎ সিং , পৰিদৰ্শক প্ৰসেন শইকীয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে বি. এছ.এফৰ সূত্ৰই সদৰি কৰা অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেঞ্চন আদালতত এছ. বি আইকে ধৰি পেঞ্চনৰ লগত জড়িত কেবাটাও ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰতিনিধি উপস্থিত থাকে। তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ পেঞ্চন জনিত সমস্যা থকা বি.এছ.এফৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান আৰু মৃত বিষয়া-জোৱানৰ বিধবা পত্নীকে পৰিয়ালৰ প্ৰায় ৫০ জনমান লোক উপস্থিত থাকে। আনহাতে উপস্থিত থকা বেছিভাগৰে পেঞ্চনৰ আসোঁৱাহ , সমস্যা সমূহ সমাধানসূত্ৰ উলিয়াই তেওঁলোকক বহু সকাহ দিয়া হয় ।
Trending
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth
- মহানগৰীৰ গড়চুকত বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান