সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি.এছ.এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যি সকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা, বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয়। আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি. আই.জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ.চি.সিঙে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কমাণ্ডেন্ট ডাঃ বিনয় কুমাৰ, সহকাৰী কমাণ্ডেন্ট বলজিৎ সিং , পৰিদৰ্শক প্ৰসেন শইকীয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে বি. এছ.এফৰ সূত্ৰই সদৰি কৰা অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেঞ্চন আদালতত এছ. বি আইকে ধৰি পেঞ্চনৰ লগত জড়িত কেবাটাও ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰতিনিধি উপস্থিত থাকে। তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ পেঞ্চন জনিত সমস্যা থকা বি.এছ.এফৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান আৰু মৃত বিষয়া-জোৱানৰ বিধবা পত্নীকে পৰিয়ালৰ প্ৰায় ৫০ জনমান লোক উপস্থিত থাকে। আনহাতে উপস্থিত থকা বেছিভাগৰে পেঞ্চনৰ আসোঁৱাহ , সমস্যা সমূহ সমাধানসূত্ৰ উলিয়াই তেওঁলোকক বহু সকাহ দিয়া হয় ।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন