আজাৰাৰ কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

0 208

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ কাঁহিকুছি চৌহদত ২৮ অক্টোৱৰৰ পৰা নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তা সকলৰ পাঁচদিনীয়া প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। ২৭১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কাৰ্যসূচী ১ নৱেম্বৰত সামৰণি পৰিব। পাচঁদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিভাগীয় সচিৱ তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনীন্দ্র শর্মাই। ভাষণ প্ৰসঙ্গত সঞ্চালক মুনীন্দ্ৰ শৰ্মাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ হ’ল মাটিৰ লগত সম্পর্ক থকা আৰু মাটি পানীৰ গোন্ধ থকা এটি বিভাগ বুলি কয়। গতিকে বিভাগটিৰ বিষয়া কৰ্মাচাৰী সকলেও গাঁৱৰ দুখীয়া জনসাধাৰণক নিজৰ কামৰ দ্বাৰা উপকৃত কৰি মানসিক সন্তুষ্টি তথা সুবিধা লাভ কৰিব আৰু গাঁৱৰ ৰাইজক বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ দ্বাৰা উপকৃত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। বিশেষকৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰা দিশ সমূহৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ চাহ বাগানৰ শ্ৰমিক সকলৰ কৰ্মহীন সময়ত জবকাৰ্ডৰ দ্বাৰা মজুৰী পোৱাৰ ব্যৱস্থা কৰা, চোম, আগৰ, চন্দন আদিৰ গছপুলি ৰোপনৰ লগতে গ্ৰাম্যাঞ্চলত পুখুৰী খনন কাৰ্যৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ উন্নয়ন অধিক ত্বৰান্বিত কৰা হৈছে৷ সেইদৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সমগ্ৰ ৰাজ্যখনতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ধ্বজাবাহী আচঁনি প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত গৃহনিৰ্মাণৰ কাম খৰতকীয়া কৰি তোলা হৈছে। অমৃত সৰোবৰ আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যতে ৩০০০ তকৈ অধিক পুখুৰী নিৰ্মাণৰ দ্বাৰা জল সংৰক্ষণ আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ নতুন পথ মুকলি হৈছে বুলি সঞ্চালক গৰাকীয়ে ভাষণত উল্লেখ কৰে৷ নৱ-নিযুক্ত কনিষ্ঠ অভিযন্তা সকলক চাকৰি আৰু ব্যক্তিগত জীৱনত বিনয়ী ব্যৱহাৰ, সামাজিক দ্বায়বদ্ধতা অটুত ৰাখি ৰাইজৰ সেৱাৰ লগতে সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ কৰ্মজীৱনত Code of Conduct মানি চলি কর্ম সম্পাদন কৰিবলৈ আহ্বান জনায় সঞ্চালক শৰ্মাই। অনুষ্ঠানটিৰ আৰম্ভণিতে যুটীয়া সঞ্চালক (প্রশিক্ষণ) পবিত্র কলিতাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে গাঁৱৰ দুখীয়া জনসাধৰণৰ সেৱাত ব্ৰতী হোৱাৰ বাবে বিভাগে ৰূপায়ণ কৰি থকা কৰ্ম আঁচনি আৰু নীতি নিৰ্দেশনা সমূহৰ বিষয়ে কনিষ্ঠ অভিযন্তা সকলক বিশদভাৱে এই প্রশিক্ষণটিত অৱগত কৰা হ’ব। অনুষ্ঠানত যুটীয়া সঞ্চালক সুৰজিৎ বৰগোহাঁইয়ে চমু ভাষণত কয় যে আর্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত কাৰিকৰী দক্ষতা তথা প্ৰযুক্তি সংযোগ কৰি বিভাগৰ উন্নয়নমুখী কামবোৰক অধিক ত্বৰান্বিত কৰাই এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.