শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ বিগত বৰ্ষৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল বিদূৰভাই নামৰ অসমীয়া চিনেমাখনত । বিশেষকৈ অসমীয়া ছবি উদ্যোগটোলৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে পৰিচালক সুব্রত কাকতিৰ পৰিচালনা আৰু অৰ্ণৱ হাজৰিকাৰ প্ৰযোজনাত ৰুটষ্টক এণ্টাৰমেইটেন্টৰ বেনাৰত নিৰ্মিত কথাছবি ‘বিদূৰভায়ে’। যোৱা ১৯ জুলাইত মুক্তিৰ পাছত প্ৰথম দুই সপ্তাহ মান ধৰি অসমৰ বহু চিত্রগৃহতে ‘হাউছফুল’ হৈ আছিল এই ছবিখনো । ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে লাভৱান হোৱা বুলি জানিব পৰা গৈছে । ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি ভি আই পিস্থিত “আৰ আৰ চিনেমাছ” নামৰ আধুনিক সা – সুবিধাযুক্ত চলচিত্ৰ গৃহটোত এমাহৰো অধিক দিন ধৰি চলি আছে বিদূৰভাই। চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ১৯ জুলাইত ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো বিদূৰভাই মুক্তি দিয়া হৈছিল। ১৯ আগষ্টত এটা মাহ পাৰ হৈ যোৱাৰ পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন এটা দৰ্শনীত চলি আছে। প্ৰথমতে দুটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে – দিনৰ ১১.৩০ বজা , বিয়লি ২ বজা , সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে বিদূৰভাই চলি আছিল । তাৰ পাছত দুটা আৰু বৰ্তমান সন্ধিয়া ৫ বজাত এটা দৰ্শনীত চিনেমাখন চলি আছে । অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ চলচিত্ৰপ্ৰেমী সকলৰ বহুতেই চিনেমাখন চোৱাৰ পাছত প্ৰথম তিনি সপ্তাহৰ তুলনাত দৰ্শকৰ সংখ্যা এতিয়া কমি আহিছে। আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান – প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে। নিশ্চিতভাৱে ই এক শুভলক্ষণ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাকে ধৰি অসমৰ বহু শিল্পীয়ে তেওঁলোকৰ তাত আহি বিদূৰভাই চিনেমাখন চাই অভিভূত হৈছে। বিগত ২০২৩ বৰ্ষৰ জুন মাহত মুক্তি লাভ কৰা, সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত শ্ৰীৰঘূপতি নামৰ অসমীয়া চলচ্চিত্ৰখন আৰ আৰ চিনেমাছত দুমাহৰো অধিক দিন ধৰি চলিছিল। ৰাজীৱ কুমাৰ দত্তই অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি তেতিয়াই খলকনি তোলা “কাশ্মীৰ ফাইলছ” নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । উল্লেখ্য যে অহা ৩০ আগষ্টত হলটোত পুনৰ মুক্তি দিয়া হব আন এখন অসমীয়া চলচ্চিত্ৰ “চিলনীচোৰ”।
Trending
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ
- ৰাণী হাইস্কুল চৌহদত চি আৰ এফৰ উদ্যোগত গছপুলি ৰোপণ অভিযান
- গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন
- জুন মাহৰ শেষত ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব মিজোৰামৰ ৰাজধানী চহৰ আইজল -ৰাজধানী নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ চলিব ৰেল
- মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত