আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত মহা অম্বুবাচী মহোৎসৱ – কামাখ্যা ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই

0 306

কভিড পৰিস্থিতি কিছু উন্নতি হোৱাৰ পাছত দুটা বছৰৰ বিৰতিৰ অন্তত ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হব অম্বুবাচী মহোৎসৱ । ইতিমধ্যে অম্বুবাচী মহোৎসৱ যাতে সুচাৰুভাৱে সম্পন্ন হয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে । সমান্তৰাল ভাৱে অম্বুবাচী মেলা পৰিচালনা কমিটি আৰু মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা বৰদেউৰী সমাজেও সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে প্ৰথম বাৰৰ বাবে এইবাৰ কামাখ্যা মন্দিৰ চৌহদত ভক্তৰ থকা – খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা ৰখা হোৱা নাই । তেনেদৰে নামনি কামাখ্যাৰ পৰা দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে সকলোৱে তলৰ পৰা খোজ কাঢ়ি অহাযোৱা কৰিব লাগিব । দিবাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্ৰশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে । আনহাতে বাহিৰৰ পৰা অহা ভক্তৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ফাঁচিবজাৰৰ পুৰণি জেল চৌহদ , কামাখ্যা ৰেল ষ্টেচন চৌহদ আৰু পাণ্ডু নদী বন্দৰ চৌহদত এটাকৈ মুঠ তিনিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে । সেই তিনিওটা শিবিৰত প্ৰায় ৩০ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব । তেনেদৰে শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছ সেৱা চলাচল কৰিব । আজি কামাখ্যা ৰেল ষ্টেচন চৌহদত এই বিশেষ বাছ সেৱা উদ্ধোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং , কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁ , অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা , পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস , অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰৱন্ধক বিজু ডেকাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে এইবেলি তিনিওটা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০ খন বাছ চলাচল কৰিব । তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮ খন ইলেকট্ৰনিক বাছ । ইতিমধ্যে অম্বুবাচীলৈ মাজতে মাত্ৰ কেই ঘণ্টামান বাকী থকা অৱস্থাত দূৰ দূৰণিৰ পৰা অহা ভক্তৰে ভৰি পৰিছে তিনিওটা শিবিৰ আৰু মন্দিৰ চৌহদ ।

Leave A Reply

Your email address will not be published.