![IMG-20180314-WA0007](https://nefocus.com/wp-content/uploads/2018/03/IMG-20180314-WA0007.jpg)
উঠি অহা চামটোৰ লগতে জনসাধাৰণক ডিজিটেল ভাৱে স্বাক্ষৰ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে প্ৰধান মন্ত্ৰী গ্ৰামীণ ডিজিটেল স্বাক্ষৰতা অভিযান। ইয়াৰ জৰিয়তে দেশৰ আটাইতকৈ দুৰ্বল নাগৰিকজনে তথ্য প্ৰযুক্তিৰ সহায়ত ঘৰতে বহি বহু কথা উমান পাব পাৰিব। প্ৰযুক্তিৰ জৰিয়তে কম সময়ত অধিক কাম সমাপন হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰধান মন্ত্ৰী গ্ৰামীণ ডিজিটেল স্বাক্ষৰতা অভিযানৰ আঁচনি উন্মোচন কৰি এই মন্তব্য কৰে।
![IMG-20180314-WA0008](https://nefocus.com/wp-content/uploads/2018/03/IMG-20180314-WA0008.jpg)
অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে চৰকাৰে পোন প্ৰথমবাৰৰ বাবে কাগজৰ বাজেট নহয়, ডিজিটেল বাজেট উত্থাপন কৰিছে। ইয়ে প্ৰমাণ কৰে যে চৰকাৰে ডিজিটেল প্ৰক্ৰিয়াক গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে এই অভিযানৰ অন্তৰ্গত ২৬ হাজাৰ খন গাঁৱক ডিজিটেল ভাৱে স্বাক্ষৰ কৰা হ’ব। প্ৰতি ঘৰৰ এজন মানুহে যাতে ইণ্টাৰনেট ব্যৱহাৰৰ সীমিত জ্ঞান লাভ কৰিব পাৰে। তাৰ বাবে ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা ভি ডি অ’ ক্লীপ প্ৰদৰ্শন কৰে আৰু সংবাদ পত্ৰিকা উন্মোচন কৰে। স্মতৰ্ব্য যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত এমট্ৰ’ন আৰু কমন চাৰ্ভিচ চেণ্টাৰ জৰিত হৈ আছে।
![IMG-20180314-WA0006](https://nefocus.com/wp-content/uploads/2018/03/IMG-20180314-WA0006.jpg)
আনহাতে আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে গুৱাহাটী শাখা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সপ্তাহ। পতাকা উত্তোলনৰে কাৰ্য্যসূচী শুভাৰম্ভ হয়। অনুষ্ঠানত উপস্থিত থাকে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক প্ৰণয় বৰদলৈ। তেখেতে ছাত্ৰ- ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক দিশৰ সৰ্বাংগীন বিকাশৰ ওপৰত মন্তব্য কৰে। অহা ১৬ মাৰ্চত এই বিশ্ববিদ্যালয় সপ্তাহ অন্ত পৰিব।