আজিৰ সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীয়ে কি ক’লে

0 243

আজি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে এখন সংবাদমেল যোগে সদৰী কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায় যে ১১০কোটি টকা অসম আৰোগ্য নিধিত সংগ্ৰহ হৈছে।
 
কালিৰে পৰা চৰকাৰী কৰ্মচাৰী সকলে দৰমহা লাভ কৰিব। দৰমহা পাই সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক সহায় কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহবান জনায়।
 
আনহাতে ১মে’ৰ পৰা ৩১মে’লৈকে ৰাজ্যত গৰম বন্ধৰ ঘোষণা কৰে। অনলাইন শিক্ষাৰ জৰিয়তে বহু শিক্ষাৰ্থী উপকৃত হ’ব বুলি মন্তব্য কৰি কয় যে লকডাউন খুলিলেও ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ বন্ধ থাকিব। দিক্ষা এপৰ জৰিয়তে শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব। বিশেষকৈ গৱেষণাৰত সকলে লেবলৈ আহি গৱেষণা কৰিব পাৰিব।
 
 
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলে সামাজিক দূৰত্ব অৱলম্বনৰ লগতে মুখত মাস্ক পৰিধান কৰি ২৬মে’ৰ পৰা ২৮মে’ৰ ভিতৰত মহাবিদ্যালয়লৈ গৈ  পাঠ্যপুথি নিবলৈ আহিব পাৰিব। যিসকল লোকক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে সেইসকলক বাহিৰত দেখিলে চৰকাৰ অথবা স্বাস্থ্য বিভাগৰ লোকক অৱগত কৰিবলৈ আহ্বান জনায়।
 
এইবাৰৰ শিক্ষাবৰ্ষৰ নামভৰ্তি সমূহ অনলাইন প্ৰক্ৰিয়াৰে সমাধান হ’ব। যিহেতু নামভৰ্তি বিনামূলীয়া তথাপিও অনলাইন ফৰ্মতে উল্লেখ থাকিব শিক্ষাৰ্থী সকলৰ বেংক একাউণ্টৰ ডিটেইলচ সমূহ। ইয়াৰ বাবে মাৰ্কশ্বীট সমূহো অনলাইনতে উপলব্ধ হ’ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। আনহাতে এইবাৰ জুন মাহৰ মাজ ভাগত ৰিজাল্টৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব বুলি সদৰি কৰে।

Leave A Reply

Your email address will not be published.