ৰাজ্যৰ যুৱ খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে অসম অলিম্পিক সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা অসম যুৱ অলিম্পিক ২০২২ ৰ উদ্বোধনী অনুষ্ঠান সৰুসজাই ক্ৰীড়া প্ৰকল্পত শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব। আজি অনুষ্ঠিত এখন সংবাদমেলত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, অসম অলিম্পিক সন্থাই ২২-২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া অসম যুৱ অলিম্পিকৰ বাবে পূৰ্ণপ্ৰস্ততি অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনত অসমৰ ৩৫ খন জিলাৰ ৩২ টা ইভেন্টৰ খেল অনুষ্ঠিত হ’ব। লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি প্ৰতিযোগিতাখনত ইতিমধ্যে ৪১১৭ গৰাকী খেলুৱৈ, ৭১১ জন অফিচিয়েল আৰু ৬৫৪ জন টেকনিকেল অফিচিয়েলে যোগদান কৰাতো নিশ্চিত হৈছে। উল্লেখ্য, খেলুৱৈ আৰু অফিচিয়েলৰ পঞ্জিয়ন অনলাইনযোগে কৰা হৈছে। ইফালে, খেলুৱৈসকলৰ দৈনিক খেলৰসূচী তথা থকা, খোৱা আৰু যাতায়ত ব্যৱস্থাৰ সকলো তথ্য “এ ৱাই অ ২০২২” শীৰ্ষক এপত উপলব্ধ হ’ব। আনহাতে, সম্পাদক লক্ষ্য কোঁৱৰে স্পষ্ট কৰি দিয়ে যে অসম ল’ন বল সন্থাই নিৰ্ধাৰিত সময়ত খেলুৱৈৰ তালিকা জমা নিদিয়াৰ বাবে প্ৰতিযোগিতাখনৰ পৰা ল’ন বলক বাদ দিব লগা হ’ল। আজিৰ সংবাদমেলত প্ৰতিযোগিতাৰ মিডিয়া কমিটিৰ অধ্যক্ষ ৰূপম গোস্বামী তথা অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক অলক ত্ৰিপাঠী উপস্থিত থাকে।
Trending
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামী অধ্যয়ন কেন্দ্ৰ মুকলি
- ব’হাগত বিহুৰ মঞ্চত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতা অব্যাহত
- বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ হ’ব দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গ
- অসম সাহিত্য সভাৰ ‘যুৱ সংসদ’ উপ-সভাপতি মনোনীত বিশিষ্ট সাহিত্যিক, লেখক, সাংবাদিক মন্টু শইকীয়াক
- অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১৮ টা দলৰ ৫৫০ জন প্ৰশিক্ষিত উদ্ধাৰকাৰী
- কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং অভিজ্ঞতা সংস্কাৰৰ নতুন পৰিকল্পনা ঘোষণা
- NSE Stands in Solidarity with the Victims of the Pahalgam Terror Attack- Pledges Support
- ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন