আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল উৰবৰাইজেছন আঁচনি

0 309

আজি আনুষ্ঠানিক ভাৱে মুকলি হয় উৰবৰাইজেছন আঁচনি।এই আঁচনি আনুষ্ঠানিক ভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই আঁচনিৰ অধীনত এগৰাকী অসমৰ যোগ্য বাসিন্দাই বাছ কিনিবৰ বাবে বেংকৰ পৰা ঋণ লাভ কৰিব।আৰু তাৰ বিপৰীতে ২৫ শতাংশ ৰাজসাহাৰ্য্য আৰু আংশিক সুত ৰেহাই পাব।
হিতাধিকাৰে বাছ ক্ৰয় কৰাৰ বাবে দহ শতাংশ মূল্য নিজৰ পৰা দিব লাগিব আৰু বাকী ৬৫ শতাংশ বিত্ত সংস্থাই প্ৰদান কৰিব। বাছ সমূহ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত পিঅ’ৰি নিয়ম অনুসৰি চলোৱা হ’ব।এই আঁচনি মূল উদেশ্য হ’ল ৰাজহুৱা পৰিবহনৰ উপলব্ধতা সহজলভ্য কৰা আৰু বাছ পৰিচালনাৰ ব্যয় হ্ৰাস কৰা।এই আঁচনিৰ অংশ হিচাপে অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৩৩৯ খন বাছৰ অনুমোদন দিয়ে।ৰাজহুৱা পৰিবহন ব্যবস্থা লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত পৰ্যায় হিচাপে এই অনুমোদন অব্যাহত থাকিব যাতে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাই দেশৰ লগত ফেৰ মাৰিব পাৰে বা তাতোধিক উন্নত হ’ব পাৰে।ইতিমধ্যে ইয়াৰ বাবে ২৫ কোটি টকা মোকোলাই দিয়া হৈছে।এই ৰাজহুৱা পৰিবহন ব্যৱস্থাই সমগ্র অসমকে সামৰি ল’ব। এই প্ৰচেষ্টাৰ জৰিয়তে প্ৰতিখন জিলা আৰু প্ৰতিটো অঞ্চল সামৰিবলৈ চেষ্টা কৰা হৈছে।আৰম্ভ কৰা এই উৰবৰাইজেছন প্ৰকল্পই সমগ্র ৰাজ্যৰ পৰিবহন ব্যৱস্থাত আমূল পৰিবৰ্তন আনি ৰাজহুৱা চাহিদা পূৰণ কৰাৰ লগতে গোটেই পৰিবহন ব্যৱস্থাটোক শক্তিশালী কৰি তুলিব।
আজি এই অনুষ্ঠানত বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী,অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টাচাৰ্য, উপাধ্যক্ষ হৰিচৰণ বড়ো, পৰিবহন বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.