আত্ম নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে লক্ষীমপুৰৰ দিগন্ত বৰাই

0 205

আত্মনিৰ্ভৰশীল অসম গঢ়াত হাত উজান দিছে লক্ষীমপুৰ বাসুদেৱ থানৰ সমীপৰ এজন যুৱকে৷ যুৱকজনৰ নাম দিগন্ত বৰা৷
 
 
 
তেখেতে ঘৰতে হাঁহ কুকুৰাৰ উপৰিও কমলা,নাচপতি নেমু,মাটি কঠাল আদি উৎপাদন কৰি স্বাৱলম্বী হৈছে ৷ চৰকাৰী চাকৰিমুখী নহৈ থলুৱাভাৱে উৎপাদন হোৱা সা সামগ্ৰীৰে স্বাৱলম্বীতাৰ সোপান ৰচিছে৷
 
 
 
দিগন্ত বৰাই জানিবলৈ দিয়া মতে কেৱল হাঁহ কুকুৰা পালন অথবা ফল মূল বিক্ৰী কৰিয়েই আৰ্থিকভাৱে স্বচ্ছল হৈ পৰিছে ৷ যি সময়ত কামৰ বাবে একাংশই হাহাকাৰৰ সৃষ্টি কৰিছে ৷ সেই সময়ত দিগন্ত বৰাই গ্ৰহণ কৰা পদক্ষেপে বহু নিবনুৱাক অনুপ্ৰাণিত কৰিছে ৷

Leave A Reply

Your email address will not be published.