আনুষ্ঠানিকভাৱে ঘোষণা হ’ল বিদ্যালয় মহাবিদ্যালয় খোলাৰ দিন

0 269

ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাৱে  হ’ল বিদ্যালয় মহাবিদ্যালয় সমূহ খোলাৰ দিন।অসম মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে কিছু নীতি নিৰ্দেশনা।ক’ভিড প্ৰট’কল নীতি নিৰ্দেশনা মানি ২১ ছেপ্টেম্বৰ পৰা আৰম্ভ হ’ব নৱম,দ্বাদশ শ্ৰেণীৰ পাঠদান।
 
প্ৰথমে ১৫ দিনৰ বাবে বিদ্যালয় মহাবিদ্যালয় সমূহ খোলা থাকিব। ১৫ দিনৰ পিছত পৰ্যবেক্ষণ কৰা হ’ব। পৰ্যবেক্ষণৰ ওপৰত ভিত্তিহে সাল সলনি হ’ব কিছু নীতি নিয়ম।সোম,বুধ,শুক্ৰবাৰে হ’ব নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। মঙ্গল, বৃহস্পতি, আৰু শনিবাৰে হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান।
 
শ্ৰেণী কোঠাত ২০ জনকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকিব নোৱাৰিব।প্ৰতিটো শ্ৰেণী ছাত্ৰ ছাত্ৰীক দুটা ভাগত বিভাজন কৰা হ’ব। ১ম পৰ্যায়ত ৯ৰ পৰা ১২ বজালৈকে পাঠদান হ’ব। ২য় পৰ্যায়ত ১ৰ পৰা ৪ বজালৈ পাঠদান হ’ব।
 
৫০ শতাংশ শিক্ষক শিক্ষয়ত্ৰীহে উপস্থিত থাকিব পাৰিব।অভিভাৱক সকলে বিদ্যালয় কৰ্তৃপক্ষক লিখিত ভাৱে অনুমতি প্ৰদান কৰিব লাগিব।মধুমেহ, হৃদৰোগত আক্ৰান্ত শিক্ষকক বিদ্যালয়লৈ অহা বাধা আৰোপ কৰা হৈছে ।শিক্ষক,ছাত্ৰ ছাত্ৰীক স্বাস্থ্য পৰীক্ষা ব্যৱস্থা কৰিব লাগিব।
 
বিদ্যালয় সমূহত শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব।শ্ৰেণী সমূহৰ ড্ৰেক্সত নাম ক্ৰমিক নং লিখা থাকিব।নিৰ্দিষ্ট আসনতহে ছাত্ৰ ছাত্ৰী সকলে বহিব পাৰিব।মাস্ক পৰিধান কৰা, চেনিটাইজ কৰা বাধ্যতামূলক।ছাত্ৰ ছাত্ৰী সকলৰ তাপমাত্ৰা প্ৰবেশদ্বাৰতে পৰীক্ষা কৰিব লাগিব। ক’ণ্টেইমেণ্ট জ’নৰ বাহিৰত থকা বিদ্যালয় সমূহহে খোলা অনুমতি।খেল ধেমালি,প্ৰাৰ্থনা সভা সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

Leave A Reply

Your email address will not be published.