অসমৰ চলচ্চিত্ৰ জগতলৈ আশাৰ ৰেঙনি

0 263

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠান নতুনকৈ চলচ্চিত্ৰ গৃহ নিৰ্মাণ, পুৰণি তথা বন্ধ হৈ থকা চলচ্চিত্ৰ গৃহসমূহৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে হিতাধিকাৰী সকলৰ মাজত ৰাজসাহাৰ্য্য চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
 
 
উল্লেখযোগ্য যে এই আঁচনিখনৰ জৰিয়তে নতুন চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ শিতানত পাঁচটা আৰু পুৰণি চিত্ৰগৃহ নিৰ্মাণৰ শিতানত পাঁচটা চিত্ৰগ্ৰহ বাছনি কৰা হৈছে। আজি বিত্তীয় সাহাৰ্য্য দান কৰা নতুন চিত্ৰগৃহ নিৰ্মাণৰ হিতাধিকাৰী সকল হ’ল ক্ৰমে তেজপুৰ জোনাকী চিনেমা হল,গুৱাহাটীৰ কেলভিন চিনেমা হল, বঙাইগাঁও জলিমেক্স চিনেমা হল,টংলাৰ ছায়া চিনেমা হল,আৰু নগাঁৱৰ পি জি এণ্টাৰপ্ৰাইজৰ দ্বাৰা নিৰ্মিত চিনেমা হল। পুৰণা তথা বন্ধ হৈ থকা চিত্ৰগৃহৰ পুনৰ নিৰ্মাণ তথা মেৰামতি কাৰণে বিত্তীয় সাহাৰ্য্য লাভ কৰা চিনেমা হলকেইটা হ’ল ক্ৰমে বৰপেটাৰ ইন্দ্ৰপুৰী চিনেমা হল, গুৱাহাটীৰ অনুৰাধা চিনে কমপ্ৰেক্স,লখিমপুৰৰ নক্ষত্ৰ চিনেমা হল, বঙাইগাঁৱৰ মায়াপুৰী চিনেমা হল, নাজিৰাৰ নাজিৰা বোলছবি কো-অপাৰেটিভ চ’ছাইটি।
 
 
উল্লেখযোগ্য যে নতুন চিনেমা হল নিৰ্মাণৰ ক্ষেত্ৰত ২৫ শতাংশ অথবা উৰ্দ্ধতম ৭৫ লাখ টকা চৰকাৰে বহনৰ ব্যৱস্থা কৰিব। পুৰণা হল মেৰামতি বাবে উৰ্দ্ধতম ২৫ লাখ টকা আৰু বন্ধ হৈ থকা চিনেমা হল পুনৰ মুকলি বাবে উৰ্দ্ধতম ৫০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য চৰকাৰে বহনৰ ব্যৱস্থা কৰিছে। ইয়াৰে ৪০ শতাংশ ধন আজি মোকোলাই দিয়া হৈছে। এই অনুদানে অসমীয়া চলচ্চিত্ৰ গৃহত তথা বোলছবি প্ৰদৰ্শনৰ দিশত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা কৰা হৈছে।
 
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সমাজ সংস্কৃতিৰ পূজাৰী,যিখন সমাজে বৃহত্তৰ অসমীয়া সমাজক সাংস্কৃতিকভাৱে এক শক্তিশালী সমাজ হিচাপে গঢ়ি তোলা দিশত অতীজৰে পৰা প্ৰয়াস কৰি আহিছে। অসম বৰাক-ব্ৰক্ষ্মপুত্র , পাহাৰ ভৈয়ামৰ বৃহত্তৰ সমাজখনক মানৱীয় প্ৰমূল্যবোধেৰে শক্তিশালী কৰিব লাগিলে সেয়া সাংস্কৃতিক আন্দোলনৰ জড়িয়তেহে সম্ভৱ। সাংস্কৃতিকভাৱে শক্তিশালী সমাজত সদায় শান্তি বিৰাজমান হয় বুলি মুখ্যমন্ত্ৰী য়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,নটসূৰ্য ফণী শৰ্মা, ভূপেন হাজৰিকা,ইত্যাদি দৰে বৰেণ্য শিল্পীসকলে আগবঢ়োৱা অৱদান বাবেহে বিশ্ব বুকুত আমি শক্তিশালী ভাবে অৱতীৰ্ণ হৈ থকা সংস্কৃতিৰ উপাদান লাভ কৰিছে বুলি কয়।আমাৰ সমাজখন কেতিয়াও দুৰ্বল নহয় বুলি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰৱল ইচ্ছা শক্তি থাকিলে এই সমাজখনক বিশ্ব বুকত এক শক্তিশালী সমাজ হিচাপে গঢ়ি তুলিব পাৰো। বিশ্ব বুকুত বহু সংখ্যাক কৃতী সন্তানে সফল অর্জন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
 
অসমৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ মাজত বহু প্ৰতিভা লুকাই আছে বুলি উল্লেখ কৰি এই প্ৰতিভা সমূহ উদ্ভাষিত কৰাৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টা ল’ব লাগিব বুলি কয়।বৰ্তমান চৰকাৰ খনে ২০১৬ চনৰ পৰাই শিল্পী সমাজক উৎসাহিত কৰিব বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।চৰকাৰে আঁচনি,নীতি,পৰিকল্পনা ইত্যাদি কৰিলেও ইয়াৰ সফলতা বহুলাংশে শিল্পীসমাজৰ ওপৰত নির্ভশীল বুলি কয়।
 
বৰ্তমান চৰকাৰখনে শিল্পীসমাজৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ চলচ্চিত্ৰ উদ্যোগক কেনেদৰে ভাৰতবৰ্ষৰ এক উল্লেখযোগ্য উদ্যোগলৈ পৰিবৰ্তন কৰিব পৰা যাব তাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি কয়। মুম্বাই বাহিৰত গুৱাহাটীতে প্ৰথম বাৰৰ বাবে ফিল্ম ফেয়াৰৰ দৰে উল্লেখযোগ্য অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈছে বুলিও কয়। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ,চলচ্চিত্ৰ নিৰ্মানৰ বাবে সুন্দৰ লোকেশ্যন ইত্যাদি পৰ্য্যাপ্ততাৰ বিষয়ে বলিউদৰ পৰিচালসককে সম্যক অভিজ্ঞতা লাভৰ বাবে পদক্ষেপ লোৱা হৈছে বুলিও তেওঁ কয়। চলচ্চিত্ৰ উদ্যোগৰ বাবে সাংস্কৃতিক বিভাগে লোৱা এই পদক্ষেপৰ বাবে বিভাগটোক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে শিল্পীসমাজৰ ভৱিষ্যত চৰকাৰে কেনেধৰণৰ পদক্ষেপ লোৱা উচিত সেই বিষয়ে দিহা পৰামৰ্শ জনাবলৈ আহ্বান জনায়।
 
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব থকা অতিৰিক্ত মুখ্য সচিব পনব কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰা আজি এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ নব কুমাৰ দলে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কন্যা জ্ঞানশ্ৰী পাঠকেও বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ উপাধ্যক্ষ অভিজিৎ নাথৰ উপৰিও বহু সংখ্যাক শিল্পী, সাংস্কৃতিক কৰ্মী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.