লোক শিল্পীক সম্বৰ্দ্ধনা জ্ঞাপন কৰিলে টীয়কৰ আউনীআটী শাখা সত্ৰই

0 287

টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত আজি ভাদ মাহৰ অন্তিমটো দিনত অসমৰ অন্যতম লোক সংস্কৃতি দিহানামৰ লগত জড়িত তিনিগৰাকীকৈ সংস্কৃতি সাধক আৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পিতৃ  জগন্নাথ দেৱ গোস্বামীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই গুৰুগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জগন্নাথ দেৱগোস্বামীক শতায়ু প্ৰদীপ, উজনি অসমৰ দিহানামৰ জগতখনত চিৰপৰিচিত শিল্পী কমলা গগৈক দিহাৰত্ন ,শিল্পী যতীন বৰাক ঐতিহ্য সেউজ কন্ঠ আৰু শিল্পী মুনীন বৰাক দিহানাম ভাস্কৰ উপাধিৰে সন্মানিত কৰে।
 
উক্ত অনুষ্ঠানত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাস,টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্তীশ চাহু,উজনি অসম বন সংমণ্ডল বিষয়া নাৰায়ণ মহন্ত আৰু দিহা সম্ৰাট বদন মলিয়া বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.