আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল এগৰাকী অসম সন্তান। ফটোগ্ৰাফীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন দৰঙৰ এজন যুৱকে।ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত কনজাৰভেশ্যন শিতানত বিজয়ী অসমৰ ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ তথা কনজাৰভেশ্যনিষ্ট নেজিব আহমেদ।উল্লেখ্য যে নেজিব আহমেদৰ ঘৰ হৈছে দৰঙৰ দলগাঁৱত।শেহতীয়াকৈ নেচাৰ ইন ফ’কাচৰ দ্বাৰা আয়োজন কৰা হৈছিল এক ফটোগ্ৰাফী প্ৰতিযোগিতা।এই প্ৰতিযোগিতাৰে কনজাৰভেশ্যন শিতানত জয়ী হয় নেজিব আহমেদ।ঢেকীয়াপতিয়া বাঘৰ আতংকৰ ফটো তুলি জয়ী হয় নেজিব আহমেদ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল আহমেদৰ ফটো।নেশ্যনেল জিঅ’গ্ৰাফী, চোনী, বিবিচি, চেঞ্চুৰী এছিয়া আদি বিভিন্ন চেনেলত প্ৰকাশ পাই আহিছে নেজিবে তোলা আলোকচিত্ৰ।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়