আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সন্মান লাভ কৰিছে টীয়কৰ প্ৰতিভাৱান ছাত্ৰী লিজায়ে

0 393

সত্ৰীয়া নৃত্যত ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটাকৈ সন্মান “নৃত্যশ্ৰী” আৰু “নৃত্য ময়ূৰী” লাভ কৰি সমগ্ৰ যোৰহাট জিলাৰ লগতে টীয়কলৈ গৌৱৰ কঢ়িয়াই অনাৰ পিছতে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান “নৃত্য ৰত্ন” লাভ কৰি উজ্বলি উঠিবলৈ সক্ষম হৈছে টীয়কৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী লিজা বৰুৱা৷টীয়কৰ লাহিং মাজকুৰী অঞ্চলৰ দেৱেশ্বৰ বৰুৱা আৰু গীতাশ্ৰী বৰুৱাৰ সুকন্যা লিজাই সত্ৰীয়া নৃত্যৰ উপৰিও আধুনিক নৃত্যটো সৰুৰে পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি ইতিমধ্যে প্ৰায় দুই শতাধিক বঁটা লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে৷
টীয়ক জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী লিজাই পূৰ্ৱে উৰিষ্যাত আয়োজিত গ্লৱেল থিয়েটাৰ উৎসৱ-২০১৯ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী হৈ “নৃত্য ময়ূৰী” সন্মান লাভ কৰিছিল আৰু সংস্কৃতি সংগম নামৰ গুৱাহাটীস্থিত এটি সাংস্কৃতিক অনুষ্ঠানে অনলাইন যোগে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত বিজয়ী হৈ নৃত্যশ্ৰী সন্মান লাভ কৰিছিল৷শেহতীয়াকৈ “সংস্কৃতি সংগমে” গুৱাহাটী শিল্পগ্ৰাম অডিটৰিয়ামত ২৮ জানুৱাৰীৰ পৰা আয়োজন কৰা তৃতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় আৰু সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা উৎসৱ অনুষ্ঠানৰ সত্ৰীয়া নৃত্য শাখাত বিজয়ী হৈ “নৃত্য ৰত্ন” সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷এই সন্মান লাভ কৰি লিজা অতিশয় আনন্দিত হৈ পৰিছে৷তপন বৰা আৰু পৰমানন্দ শইকীয়াৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে যোৰহাটৰ বিভিন্ন নৃত্য কৰ্মশালাত অংশ লোৱা লিজাৰ এই সফলতাত পিতৃ-মাতৃ,আত্মীয়ৰ লগতে অঞ্চলবাসীও উৎফুল্লিত হৈ পৰাৰ লগতে লিজাক শুভেচ্ছা জ্ঞাপন কৰিছে৷

Leave A Reply

Your email address will not be published.