আন্তৰ্জাতিক টি-২০ মেচক লৈ উখল-মাখল গুৱাহাটী

0 213

শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে অসমবাসী।টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত টি-২০ শৃংখলাৰ দ্বিতীয় তথা গুৰুত্বপূৰ্ণ মেচখন আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

কিছুদিন ধৰি মেচখনক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশৰ।এখন ৰোমাঞ্চকৰ মেচ উপভোগৰ বাবে সাজু হৈছে অনুৰাগী সকল।তিনিখনীয়া টি-২০ শৃংখলাটোৰ অগ্ৰগতি লাভ কৰা ঘৰুৱা দল টীম ইণ্ডিয়াই আজিৰ মেচত জয়লাভ কৰিব পাৰিলে গুৱাহাটীতে শৃংখলা হস্তগত কৰাৰ গৌৰৱ অর্জন কৰিব।

ইয়াৰ বিপৰীতে আলহী দলটোৰ বাবেও মেচখন একপ্ৰকাৰ মৰণপণ যুজঁ হ’ব ।আজি তেওঁলোকে জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিব।সেই বাবে মেচখনক লৈ দুয়োটা দলৰ লগতে অনুৰাগীসকলৰো ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে।প্ৰায় আঢ়ৈ বছৰৰ মূৰত অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক টি-২০ মেচখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আয়োজক অসম ক্ৰিকেট সন্থা (এচিএ)ই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Leave A Reply

Your email address will not be published.