ইউনেস্কৰ ছবি মহোৎসৱত প্রদর্শন হ’ব ’লাইফ ইন এ পাপেট’

0 195

অসমীয়া চলচ্চিত্র জগতৰ বাবে সুখবৰ৷ অসমৰ প্রাচীন লোককলা পুতলা নাচক সমল হিচাপে লৈ নির্মিত, ৰাজেন দাস পৰিচালিত পূর্ণ দৈর্ঘ্যৰ অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–য়ে ৰাষ্ট্রসংঘৰ মঞ্চত খোজ দিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রসংঘই ২০০২ চনত সাধাৰণ পৰিষদত ঘোষণা কৰা আৰু উদ্যাপন কৰি অহাWord Day For Cultural Diversity For Dialogue and Development উপলক্ষত ৰাষ্ট্রসংঘৰ সংগঠন ইউনেস্কৰ নতুন দিল্লীস্থ কার্যালয়ে আয়োজন কৰিছে Culture Cinema 2021’ শীর্ষক ছবি মহোৎসৱ৷ চিনেমাৰ মাধ্যমত বৈচিত্র্যতা উন্নয়ন আৰু শান্তিপূর্ণ সহাৱস্থানক বিষয় হিচাপে লৈ অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূর্ণ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে মনোনীত হৈছে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লইফ ইন এ পাপেট’৷
ক’ৰণাকালীন পৰিস্থিতিৰ বাবে অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ ভার্চুৱেল প্লেটফর্মত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই সন্মানীয় মহোৎসৱ৷ ইউনেস্ক’ই বিশেষ উদ্যোগ গ্রহণ কৰা এই গুৰুত্বপূর্ণ চলচ্চিত্র মহোৎসৱ ‘কালচাৰ চিনেমা–২০২১’লৈ মনোনীত ছবিসমূহ আন্তঃৰাষ্ট্রীয় জনপ্রিয় অ’টি টি প্লেটফর্ম ‘মুভী চেইণ্ট’যোগে বিশ্বজুৰি প্রদর্শনৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি অসমৰ লোকশিল্প পুতলা নাচক লৈ নির্মিত ‘লাইফ ইন এ পাপেট’ চলচ্চিত্রখন মহোৎসৱৰ সময়ছোৱাত বিশ্বজুৰি প্রত্যক্ষ কৰিব অগণন চলচ্চিত্রপ্রেমী দর্শকে৷ ৰাষ্ট্রসংঘৰ গুৰুত্বপূর্ণ সংগঠন ইউনেস্ক’ৰ প্লেটফর্মত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ এই ৱর্ল্ড প্রিমিয়াৰ নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ৷

Leave A Reply

Your email address will not be published.