ইতিবাচক চিন্তাৰ আলোকৰে…

0 333

পৰ্যটক সকললৈ সুখবৰ কঢ়িয়াই আনিছে অসম ৰাজ্যিক চিৰিয়াখানাই।আজিৰে পৰা মুকলি হৈছে টেকিঙৰ‌ ব্যৱস্থা । প্ৰায় ৬ কি:মি: দূৰত্ব টেকিঙৰ বাবে নিৰ্বাচিত কৰা হৈছে।জানিব পৰা মতে প্ৰতি মাহৰ প্ৰথম আৰু তৃতীয় দেওবাৰে টেকিঙৰ ব্যৱস্থা থাকিব। পুৱা ৬:৩০ বজাৰ পৰা ৯ বজা পৰ্যন্ত কোনো পৰ্যটকে টেকিং‌ কৰিব পাৰিব।

এই সম্পৰ্কে আঞ্চলিক বন বিষয়া গৰাকীয়ে কয় যে টেকিঙৰ সহায়ৰ বাবে আমাৰ দুজন কৰ্মচাৰী থাকিব। অংশ ল’ব বিচৰা গৰাকীয়ে আৰাম দায়ক পোছাক আৰু ট্ৰেকিঙৰ জোতা পৰিধান কৰিব লাগিব। বৰ্তমানলৈ কোনো নিৰ্দিষ্ট মাচুল ধাৰ্য্য কৰা হোৱা নাই যদিও বাৰ্ষিক হিচাপত ১০০০ টকাকৈ ধাৰ্য্য কৰা হৈছে। এনে খবৰে পৰ্যটক সকললৈ ইতিবাচক বতৰা কঢ়িয়াই আনিছে।

কেইজনমান যুৱ সাংবাদিকৰ প্ৰচেষ্টাত ডিজিটেল জগতত সংযোজন হ’ল First news report নামৰ এটা প্ৰ’ৰ্টেল ।আজি দিছপুৰ প্ৰেছ ক্লাৱত এই প্ৰ’ৰ্টেলটো আনুষ্ঠানিক ভাৱে মুকলি কৰে লেখিকা জয়শ্ৰী গোস্বামী মহন্তই।প্ৰ’ৰ্টেলটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰি লেখিকা গৰাকীয়ে ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তা আৰু ক্ষীপ্ৰতাৰ বিষয়ে মন্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী নৰেন হাজৰিকা, মুকুল কলিতা, অমল গুপ্তা, বিশ্বজিৎ বৰা উপস্থিত থাকে।

আজিৰ দিনত মহিলা সকল কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই । বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলা সকলে স্বাৱলম্বীতাৰ দিশে অগ্ৰসৰ হোৱাটো এটা ভাল খবৰ। তেনে এক ভাল খবৰ কঢ়িয়াই আনিছে যোৰহাট তিতাবৰৰ একাংশ মহিলাই। অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত পৰিচালিত হৈছে দাংধৰা বজাৰ। উল্লেখযোগ্য যে এই বজাৰখনত প্ৰায় ৪০ খন গাঁৱৰ মহিলাই থলুৱা ভাৱে উৎপাদিত সা- সামগ্ৰী বিক্ৰী কৰে। প্ৰতি সপ্তাহৰ বৃহস্পতি বাৰে বহা মহিলাৰ এই বজাৰ খনত বিভিন্ন আত্মসহায়ক গোটে অংশ লয়। জানিব পৰা মতে বজাৰ খন আৰম্ভ হোৱাৰ প্ৰথম দিনা ৯০ হাজাৰ টকা উপাৰ্জন হৈছে।মহিলা সকলৰ এনে পদক্ষপে নিসন্দেহে গ্ৰাম্য অৰ্থনীতি ভেটি টনকিয়াল কৰি তুলিছে।

প্রিয় পাঠক এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com . আপোনালোকৰ উপস্থিতিয়ে আমাক জনায় অসীম প্ৰেৰণা।

 

সহযোগ কৰিলে তিতাবৰৰ পৰা চিত্তকমল বেজবৰুৱাই।

Leave A Reply

Your email address will not be published.