তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰ(www.gimt-tezpur.ac.in)ত অহা ১ জুলাইৰ পৰা এখনি পাঁচদিনীয়া ‘ইলেকট্ৰিচিয়ান প্ৰশিক্ষণৰ কৰ্মশালা আয়োজন কৰা হৈছে। মহাবিদ্যালয়খনৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ফালৰ পৰা আয়োজিত কৰ্মশালাখনিত ইলেকট্ৰিচিয়ান বৃত্তি সম্পৰ্কে প্ৰাথমিক জ্ঞানৰ লগতে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হ’ব। সমগ্ৰ অসমৰ যিকোনো আগ্ৰহী ব্যক্তিয়ে উক্ত কৰ্মশালাত অংশ ল’ব পাৰিব তথা কৰ্মশালাখনিত নামভৰ্তিৰ বাবদ ১০০ টকাকৈ মাচুল দিব লাগিব। কৰ্মশালাৰ শেষত সকলো প্ৰশিক্ষাৰ্থীকে চাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অধিক তথ্যৰ বাবে আগ্ৰহীসকলে ৯৮৫৪৬ ৭২০১৮ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন