ই’য়ৰ ফটো কেন ব্ৰিং স্মাইল এক অভিযানেই নহয়,ই উন্মোচিত কৰিলে বহু ইতিবাচক দিশ

0 238

কাৰ্টুন কেৰিকেছাৰৰ আঁকি সংগ্ৰহ কৰা পুঁজিৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়ালে শুভম নামৰ এটা বেচৰকাৰী সংগঠনে। কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ সহযোগত প্ৰায় এশটা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে।
 
 
উল্লেখযোগ্য যে যোৱা ১৪এপ্ৰিলৰ পৰা নিতুপৰ্ণ ৰাজবংশীৰ সহযোগত ইয়ৰ ফটো কেন ব্ৰিং এ স্মাইল শীৰ্ষক এক অভিযান  চলাইছিল। এই অভিযানৰ অংশীদাৰ হৈছিল আমেৰিকা, নেপাল মিডুল ইষ্টৰ বহুকেইগৰাকী অনুৰাগীৰ লগতে স্থানীয় ব্যক্তিও । উল্লেখ্য যে কাৰ্টুন কেৰিকেছাৰৰ জৰিয়তে সংস্থাটোৱে কিছু বৰঙণি সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
 
 
জানিব পৰা মতে এই অভিযানত প্ৰতিগৰাকী শুভাকাংক্ষীয়ে বৰঙণি আগবঢ়ায়। আৰু পৰৱৰ্তী সময়ত এই বৰঙণি আৰ্তজনক আগবঢ়োৱা হয়। এই মন্তব্য শুভম বেচৰকাৰী সংগঠনৰ সম্পাদক কুলদীপ দাসৰ। অনাগত দিনতো শুভমে এনেধৰণৰ পদক্ষেপ অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.