উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা চৰাইদেউ উপায়ুক্তৰ

0 281

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান আৰু বাণিজ্য শাখাত অসমৰ ভিতৰত স্থান দখল কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
 
 
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সম্পন্ন হোৱা এই সম্বৰ্দ্ধনা অনুষ্ঠান চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ পৰা বাণিজ্য শাখাত সোণাৰি জুনিয়ৰ কলেজৰ ছাত্ৰী হৰপ্ৰীত কৌৰে ৯৩.৬% নম্বৰেৰে অসমৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছিল।
 
 
অন্যহাতে বিজ্ঞান শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সাগৰ গোৱালাই ৯৫.৮% নম্বৰেৰে অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা অৰ্জুন বুঢ়াগোহাঁইয়ে বিজ্ঞান শাখাত ৯৫.৪% নম্বৰেৰে ষষ্ঠ স্থান অধিকাৰ কৰিছিল।
 
আজি উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই হৰপ্ৰীত কৌৰ আৰু সাগৰ গোৱালাক এখনি ফুলাম গামোচা, শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
 
 
আজিৰ সভাত সভাপতিৰ আসন গ্ৰহণ কৰা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই ছাত্ৰ-ছাত্ৰী দুজনক দেশৰ হিতৰ হকে কাম কৰি যোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে নিজৰ চিন্তা শক্তিক উচিত ভাৱে প্ৰয়োগ কৰিবলৈ কয়।
 
 
সময়ৰ বালিত খোজ কাঢ়ি নিজৰ পৰিচয় মানৱ সমাজত যুগমীয়া কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে দুয়োজন ছাত্ৰ-ছাত্ৰীক কষ্ট কৰি ফল আয়ত্ত্ব কৰিবলৈ অনুপ্ৰেৰণা জনায়।উল্লেখযোগ্য যে বিশেষ কাৰণ বশতঃ অৰ্জুন বুঢ়াগোহাঁই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।তেখেতে পৰৱৰ্তী সময়ত উপায়ুক্ত কাৰ্যালয়ৰ পৰা সম্বৰ্দ্ধনা গ্ৰহণ কৰিব ।
আজিৰ এই সম্বৰ্দ্ধনা অনুষ্ঠানত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী দুজনৰ পিতৃ-মাতৃ কুলদ্বীপ কৌৰ আৰু মহানন্দ গোৱালাকো উপায়ুক্ত গৰাকীয়ে সম্বৰ্দ্ধনা জনায়।ইয়াৰ উপৰিও আজিৰ অনুষ্ঠানত চৰাইদেউ জিলাৰ পৰা ১০০% উত্তীৰ্ণ ফলাফল প্ৰদৰ্শন কৰা জিলাখনৰ মুঠ ৬ খন শিক্ষানুষ্ঠানক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
 
শিক্ষানুষ্ঠান কেইখন হৈছে চেপন কলেজ (জুনিয়ৰ), চুকাফা জুনিয়ৰ কলেজ, সোণাৰি জুনিয়ৰ কলেজ, হাজি আচিমুদ্দিন মিশ্যন একাডেমী, দিব্যলতা আইডল একাডেমী আৰু চাইনৰ একাডেমী।
আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত চাইনৰ একাডেমীৰ হৈ অধ্যক্ষা বিজয়লক্ষ্মী গগৈ, হাজি আচিমুদ্দিন মিশ্যন একাডেমীৰ হৈ অধ্যক্ষ পল্লৱ বৰপাত্ৰগোঁহাই, সোণাৰি জুনিয়ৰ কলেজৰ হৈ অধ্যক্ষা ৰশ্মিৰেখা মহন, চুকাফা জুনিয়ৰ কলেজৰ হৈ অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰ, দিব্যলতা আইডল একাডেমীৰ হৈ অধ্যক্ষ দেৱজিত বৰুৱা আৰু চেপন কলেজ (জুনিয়ৰ) হৈ অধ্যক্ষ ড° বিকুমণি চুতীয়াই বক্তব্য ৰাখে।
 
স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী হৰপ্ৰীত কৌৰ আৰু সাগৰ গোৱালাৰ লগতে সাগৰ গোৱালাৰ পিতৃ মহানন্দ গোৱালা আৰু হৰপ্ৰীত কৌৰৰ ককাকেও অনুষ্ঠানত বক্তব্য আগবঢ়ায়।আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত দীপক কুমাৰ ভূঁঞায়ে, সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউতে।
 
উপায়ুক্তৰ গৰাকীৰ উপৰিও আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় জিতু কুমাৰ দাস আৰু প্ৰণৱ কুমাৰ বড়া, সহকাৰী আয়ুক্তত্ৰয় ফিলিছ ৰাংছাল, জাহ্নৱী গোস্বামী আৰু সমুজ্জল বড়া উপস্থিত থাকে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.