উচ্চ ৰক্তচাপ দিৱস উদযাপন

0 222

আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস ।সমগ্ৰ দেশৰ লগতে মহানগৰীৰ চুপাৰ মাৰ্কেটস্থিত জি এন আৰ চি হস্পিতালৰ প্ৰেক্ষাগৃহত উদযাপিত হ’ল বিশ্ব উচ্চ ৰক্তচাপ দিৱস ।দিৱসৰ লগত সংগতি ৰাখি হস্পিতালৰ প্ৰেক্ষাগৃহত এক সংবাদ মেল অনুষ্ঠিত হয়।সংবাদমেলত জি এন আৰ চি হস্পিতালৰ বিশেষজ্ঞ ডাক্তৰ বিপ্লৱ পালে কয় যে উচ্চ ৰক্তচাপ ৰোগ হোৱাৰ অন্যতম কাৰণ হ’ল নিমখ আৰু চেনিৰ মাত্ৰা অধিক হাৰত সেৱন কৰা।মানসিক চাপ, বংশগত কাৰণ আদিৰ বাবেও বহুতে এই ৰোগত আক্ৰান্ত হয়।প্ৰতিবছৰে ১০ নিযুত ব্যক্তি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।সংবাদ মেলত উপস্থিত থাকি হৃদৰোগ বিভাগৰ চিকিৎসক ডাক্তৰ প্ৰবীৰ কুমাৰ গুপ্তাই কয় যে কৰ্মস্থলীৰ অত্যাধিক কামৰ বোজা আৰু জীৱনশৈলী পৰিৱৰ্তনৰ ফলত বেছি ভাগ মানুহেই ডায়েবেটিছ আৰু হাৰ্টৰ সমস্যাত ভোগে ।সেয়েহে প্ৰতি গৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে প্ৰতি ছমাহৰ মূৰে মূৰে উচ্চ ৰক্তচাপ নিৰীক্ষণ কৰি থাকিব লাগে ।সংবাদ মেলখনত জি এন আৰ চিৰ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত গগৈ, ডাক্তৰ হবিবুৰ ৰহমান উপস্থিত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.