নীলাচল পাহাৰত অৱস্থিত শ্ৰী শ্ৰীকামাখ্যা মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। আনহাতে বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও বাহিৰৰ পৰা অহা ভক্তৰ থকা – মেলাৰ সুবিধাৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত স্থাপন কৰা হৈছে এটা বৃহৎ শিবিৰ। আজি বিয়লিৰ ভাগত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্রীবাস্তুৱে অম্বুবাচী মহাযোগৰ বাবে স্থাপন কৰা শিবিৰ পৰিদৰ্শন কৰাৰ। মহা প্ৰবন্ধক গৰাকীয়ে প্রস্তুতি পর্ব আৰু যাত্ৰী ব্যৱস্থাপনাসহ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচনৰ এক বিস্তৃত পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মহা প্ৰৱন্ধকে কামাখ্যালৈ অহা ভক্তৰ সুবিধা, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰা বিভিন্ন সা-সুবিধা আৰু ব্যৱস্থাৱলী, যেনে ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা, যাত্রী সা-সুবিধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানীৰ সুবিধা, চিকিৎসা সাহার্য, হেল্প ডেস্ক আৰু সুৰক্ষা সংক্রান্তীয় বিভিন্ন ব্যৱস্থাৱলীৰ মূল্যায়ন কৰে। তেওঁ ষ্টেচনটোত নিযুক্ত ৰেলৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি মেলাৰ সময়চোৱাত প্রত্যাশিত তীর্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ দায়িত্ববাহী বিষয়া-কৰ্মচাৰীসকলক সতর্কতা বজায় ৰখা, ভিৰ নিয়ন্ত্ৰণ আৰু ভক্ত তথা যাত্ৰীসকলক তাৎক্ষণিক সাহার্য আগবঢ়োৱাৰ গুৰুত্বৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই অসম আৰু উত্তৰ বংগৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ সৈতে কামাখ্যাৰ সংযোগ স্থাপন কৰি কেইবাখনো বিশেষ অসংৰক্ষিত ৰেলসেৱা পৰিচালন কৰি আহিছে। ইয়াৰ উপৰিও, অম্বুবাচীৰ সময়ত ভক্তৰ সুগম ভ্ৰমণৰ সুবিধা আৰু পৰিবহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে নিয়মীয়াভাবে চলাচল কৰা কেবাখনো যাত্রীবাহী ৰেলত অস্থায়ীভাৱে দবা সংযোজন কৰা হৈছে। যাতে অম্বুবাচী মহাযোগলৈ আহিব বিচৰা ভক্তসকলে কামাখ্যা ৰেল ষ্টেচনলৈ অহা – যোৱা কৰিব পাৰে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing