উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ উদ্যোগত পলাশবাৰীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

0 238

ক’ভিড কেন্দ্ৰিক পৰিস্থিতি চলি থকাৰ সময়তে পলাশবাৰী সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ৫০০ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যি উত্তৰ পূৱ ছাত্ৰী সংগঠনে এক পদক্ষেপ গ্ৰহণ কৰে। এই উপলক্ষে কালি দহালী দখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে আদৰণি জনায়। উক্ত অনুষ্ঠানটো শুভাৰম্ভ কৰে উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই।
 
 
 
সভানেত্ৰী দত্তই সম্বৰ্ধনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণত প্ৰেৰণা দিয়াৰ লগতে ভৱিষ্যতে সুনাগৰিক হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আহ্বান জনায়। পৰ্যায়ক্ৰমে সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ ছাত্ৰী-ছাত্ৰীসকলক সম্বৰ্ধনা জনাব বুলি সভানেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
 
 
আনহাতে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও বানৰ কৱলত থকাৰ বাবে কৃষকসকলে পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পলাশবাৰীৰ নহিৰা সত্ৰাপাৰাত শালি ধানৰ খেতিৰ বাবে ৰোৱনী-দাৱনীৰ লগতে উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই খেতি পথাৰত নামি তেওঁলোকক সহযোগিতা কৰা পৰিলক্ষিত হয়। সভানেত্ৰীগৰাকীৰ এই কাৰ্যই ৰোৱনীসকলক উৎসাহিত কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.