আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ইমাজিং নৰ্থ ইষ্টৰ দ্বিতীয় সংস্কৰণ ।এছোচেমে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি লোকসভাৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে মৎস্য পালন, দক্ষতা বিকাশ, প্ৰযুক্তি ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে।উল্লেখযোগ্য যে উদ্যমীসকলৰ বিনিয়োগ আৰু সহযোগ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ইমাজিং নৰ্থ ইষ্ট আৰম্ভ হৈছে ।দেশৰ আগশাৰীৰ বিভিন্ন বিভাগ, প্ৰতিষ্ঠানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।উদ্বোধনী অনুষ্ঠানত নাবাৰ্ডৰ জয়ন্ত কে চামাল, এন এছ আই চিৰ ডক্টৰ অবিনাশ চৌধুৰী, এম এছ টি চি মলয় মণ্ডল, পি আই বিৰ কুলদীপ সিং, এছোচেমে সচিব প্ৰধান উদয় কুমাৰ বাৰ্মা উপস্থিত থাকে।
1 Comment
এই অনুষ্ঠানত সচাকৈ ভাল উদসাহজনক খবৰ প্ৰচাৰ কৰা হয় ।