উন্নয়নৰ খতিয়ান দাঙি ধৰিলে বি জে পিৰ ৰাজ্যিক সভাপতিয়ে

0 253

মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপুৰ্তি আৰু ৰাজ্য চৰকাৰৰ চাৰিবছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত আজি এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে মোডী চৰকাৰে সফলতাৰে দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপুৰ্তিত সম্পূৰ্ণ কৰিলে। মোডী চৰকাৰৰ কাৰ্যকালৰ খতিয়ান দাঙি ধৰি কয় যে লাডাখৰ স্বাধীনতা, ত্ৰিপুল তালাক, ৰাম মন্দিৰ, নাগৰিকত্ব সংশোধনী আইনকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হয়। মোডী চৰকাৰে বিশেষকৈ কৃষক, মহিলা আৰু শ্ৰমিক সকলক গুৰুত্ব আৰোপ কৰি আহিছে।
 
 
 
 
 
আত্মনিৰ্ভৰ ভাৰতৰ সমান্তৰালভাৱে আত্মনিৰ্ভৰ অসমকো আগুৱাই লৈ গৈ আছে। অসমৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছে। ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে উদাহৰণস্বৰূপে এ পি এছ চি কেলেংকাৰী, বড়োচুক্তি ৰূপায়ন, গঁড়ৰ চোৰাং চিকাৰীক কৰায়ত্ব, আৰু ধৰ্ষণৰ দোষীক ফাৰ্ষ্টট্ৰেক আদালতত নিয়ালৈকে বহুকেইটা গুৰুত্বপূৰ্ণ কাম অসমৰ জনসাধাৰণৰ বাবে কৰিছে। আনহাতে বাট পথ উন্নয়ন, সন্দেহযুক্ত বিদেশীক উৎখাত, চাহ শ্ৰমিক, মহিলা আত্মসহায়ক গোটৰ বাবে বিভিন্নধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
 
 
আনহাতে আগন্তুক দিনত ডিজিটেলি সভা অনুষ্ঠিত কৰি জনসজাগতামূলক কাম কৰাৰো পোষকতা কৰে। আনহাতে বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিজেপিৰ প্ৰতিগৰাকী কৰ্ম কৰ্তাক গছপুলি ৰোপন কৰাৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.