একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ মতাদৰ্শই ভাৰতক বিশ্ব শক্তি হিচাপে গঢ়ি তুলিব- ৰাজ্যিক বিজেপি

0 175

সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ
কাৰ্যকৰ্তাই ভাৰতীয় জনসংঘৰ অন্যতম প্রতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ পূণ্যতিথি সমৰ্পণ দিৱস হিচাপে উদযাপন কৰি সশ্রদ্ধ স্মৰণ কৰে। দলৰ মুখ্য কাৰ্যালয়
অটল বিহাৰী বাজপেয়ী ভৱনত আজি দিনৰ ১১.৩০ বজাৰ পৰা সমপর্ণ দিৱস উপলক্ষে স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয়। এই সভাত দলৰ ৰাজ্যিক উপ সভাপতি অজয় কোঁৱৰ, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী আঙুৰলতা ডেকা, ৰাজ্যিক কার্যালয় সম্পাদক সুশান্ত বিশ্বাসৰ লগতে দলীয় কার্যকৰ্তা সকল উপস্থিত থাকে। ৰাজ্যিক কাৰ্যালয়ৰ লগতে দলৰ ৩৯ খন সাংগঠনিক জিলাতো জিলা ভিত্তিত সমৰ্পণ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰা হয়। উল্লেখযোগ্য যে ১৯৬৮ চনৰ ১১ ফেব্ৰুৱাৰীৰ দিনা পণ্ডিত দীনদয়াল উপাধ্যায়ক বৰ্বৰভাৱে হত্যা কৰা হৈছিল। তেওঁৰ এই বলিদানৰ দিনটোক ভাৰতীয় জনতা পাৰ্টিয়ে প্রতিষ্ঠা কালৰে পৰা “সমৰ্পণ দিৱস” হিচাপে পালন কৰি আহিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সমৰ্পণ দিৱস উদযাপনৰ বিষয়ে বর্ণনা কৰা হয়।
আনহাতে ত্ৰিপুৰাৰ নিৰ্বাচনী প্রচাৰৰ মাজতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰি কয় দীনদয়াল উপাধ্যায়ে আগবঢ়োৱা একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ চিন্তাধাৰাৰে পৰিপুষ্ট হৈ, দেশক বিশ্ব শক্তি হিচাপে গঢ়ি তোলাৰ বাবে ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে।” লগতে মুখ্যমন্ত্রী ড০ শর্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক দলৰ
অন্যতম প্রতিষ্ঠাপক পিতৃ আৰু মতাদৰ্শৰ্গত প্ৰেৰণাৰ কেন্দ্ৰবিন্দু বুলি বর্ণনা কৰে। বিভিন্ন ৰূপত একতাৰ অভিব্যক্তি ভাৰতীয় সাংস্কৃতিক চিন্তাধাৰাৰ মূল আধাৰ বুলি কৈ অনৈক্যৰ
মাজত ঐক্যৰ অৱধাৰণাক শক্তিশালী কৰাত পণ্ডিত দীনদয়াল উপাধ্যায়ে অৰিহণা আগবঢ়াইছিল বুলি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই স্মৰণ কৰি কয়।
উল্লেখযোগ্য যে ১৯৬৫ চনৰ ২২ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ভাৰতীয় জনসংঘৰ প্রতিনিধি সভাত সমসাময়িক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক, সামাজিক, কূটনৈতিক, সামৰিক আৰু অৰ্থনৈতিক দিশ সামৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে এলানি বক্তৃতা প্ৰদান কৰিছিল। এই বক্তৃতাৰ মাজেৰে পণ্ডিত জীয়ে সমাজবাদী,মার্ক্সবাদী-কমিউনিষ্ট মতাদৰ্শৰ সংকীর্ণতা তথা পুজিঁবাদী চিন্তাধাৰাৰ সীমাৱদ্ধতাৰ বিষয়ে বিস্তাৰ্তিভাৱে বাখ্যা আগবঢ়াইছিল।পৰৱৰ্তী সময়ত এই বাখ্যাকেই একাত্ম মানৱতাবাদৰ দৰ্শন হিচাপে ৰাজনৈতিক বিশ্লেষক সকলে আখ্যা দিয়ে। পণ্ডিত দীনদয়াল উপাধ্যায়ে সবোদয় আৰু ভাৰতীয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ আধাৰত প্ৰদান কৰা ভাষণে পৰৱৰ্তী সময়ত ভাৰতীয় ৰাজনৈতিক দলসমূহৰ চিন্তাধাৰাক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল।
অন্ত্যোদয়াৰ ধাৰণাও একাত্ম মানৱতাবাদৰ পৰাই বিকশিত হৈছিল। উল্লেখযোগ্য যে ১৯৮২ চনত অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি গঠন হোৱাৰ পিছত দলে একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াক দলৰ মূল নীতি,আদর্শ হিচাপে গ্রহণ কৰে। সেয়েহে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰসমূহে সমাজৰ সকলো শ্ৰেণীৰ একতাৰ মাজেৰে ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশৰ পথ আগবঢ়াই নি দেশক বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বশক্তি হিচাপে বিকশিত কৰাৰ বাবে দিয়া – সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস আৰু সৱকা প্ৰয়াস নীতি একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ
চিন্তাৰ পৰাই অনুপ্রাণিত হোৱা বুলি কোৱা হয়।

Leave A Reply

Your email address will not be published.