অসমৰ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ বিশাল চাংমাই এছিয়া কাপত অংশগ্রহণ কৰিবলগা ভাৰতীয় দলত নিৰ্বাচিত হৈছে। ইউনাইটেড আৰব এমীৰেছৰ ছাৰৰ্জাহত ১৯ৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত এছিয়া কাপ- ষ্টেজ খ্ৰীলৈ জুনিয়ৰ ৰিকাৰ্ড আৰু কম্পাউণ্ড আৰ্চাৰগৰাকী নিৰ্বাচিত হোৱাৰ সুখবৰ সদৰী কৰিছে আৰ্চাৰী এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সহকাৰী সম্পাদক গুঞ্জন আবৰোলে।হাৰিয়ানাত দেশৰ ১৬ গৰাকী জুনিয়ৰ আৰ্চাৰক ছাৰজাহত এছিয়া কাপলৈ নিৰ্বাচন কৰা হয়। ৰিকাৰ্ডৰ পুৰুষ আৰু মহিলা শাখাত ৪ জনকৈ আৰু কম্পাউণ্ডৰ পুৰুষ আৰু মহিলা শাখাতো ৪ জনকৈ আচাৰক নিৰ্বাচন কৰা হৈছে। গোলাঘাটৰ কলেজীয়া ছাত্র বিশালে ২০১৬-১৭ ৰ ৰাজ্যিক স্কুল গেমছত আৰু খেলো ইণ্ডিয়াত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ পিছত ২০১৭ চনত অন্ধ্রপ্রদেশত অনূর্ধ্ব-১৪ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। ২০১৯ চনত ঢাকাত তৃতীয় আই এছ এছ এফ ইণ্টাৰনেশ্যনেল ছলিডাৰিটী আৰ্চাৰী চেম্পিয়নশ্বিপত ৰিকাৰ্ডৰ দলীয় শাখাত প্রথম স্থান লাভ কৰি প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ সৌভাগ্য অর্জন কৰে। ব্যক্তিগত ৰিকাৰ্ডত বিশালে লাভ কৰে ব্রঞ্জ পদক। একেবছৰতেই কেডেট ৰিকাৰ্ড বয়জ শাখাত স্পেইনৰ মাদ্রিদত অনুষ্ঠিত ৱৰ্ল্ড য়ুথ আৰ্চাৰী চেম্পিয়নশ্বিপতো অংশগ্রহণ কৰে। সেইবাৰলৈ সফলতা লাভ কৰিবলৈ সক্ষম নহ’লেও ২০২১ চনৰ আগষ্ট মাহত কেডেট ৰিকার্ড বয়জ ডিভিজনত পোলেণ্ডৰ য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত দলীয় আৰু মিশ্ৰিত দলীয় শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
Trending
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে