নুমলীগড় ৰিফাইনেৰী লিমিটেড এন আৰ এলৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা ক’ভিড মহামাৰী দ্বিতীয় ঢৌৰ বিৰুদ্ধে মোকাবিলা কৰাত অসম চৰকাৰক সমৰ্থন কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য নিধিলৈ ৫৭.৩৭ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।এন আৰ এলৰ ডি জি এম মধুচন্দা অধিকাৰীৰ নেতৃত্বত এন আৰ এলৰ কৰ্মচাৰী এক প্ৰতিনিধি মণ্ডলে ১৫ জুনত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্য্যলয়ত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই ধনৰাশি চেক অৰ্পণ কৰে।উল্লেখযোগ্য যে ইয়াৰ আগতেও এন আৰ এলে যোৱা ২৭ মে’ত মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।কোম্পানীটোৱে মহামাৰী সৈতে মোকাবিলা কৰিবলৈ ২৫ কোটি টকাৰ পুঁজি নিৰ্ধাৰিত কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপসমূহৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০ টা আই চি ইউৰে ১২০ খন বিচনাযুক্ত এখন ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হয়।এই ক’ভিড কেয়াৰ কেন্দ্ৰটো ১৫ জুনত উদ্বোধন কৰা হয়।আনহাতে এন আৰ এলে মাজুলীতো অনুৰূপ সহায় আগবঢ়াইছে আৰু ৰাজ্যৰ কেইবাখনো চৰকাৰী হাস্পতালত প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ কৰাইছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন