অসম তথা অসমবাসীৰ বাবে আজি এটা বিশেষ দিন। ৩৮ বছৰীয়া সংগ্ৰাম আৰু ৮৫৫ জন শ্বহীদ বলিদানক শ্ৰদ্ধা জনাই অসম আৰু অসমীয়াৰ স্বাৰ্থত আজি প্ৰকাশিত হ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন পূৰ্ণাংগ খচৰা। ইয়াৰ জৰিয়তে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬শ ৭৭ জন নাগৰিকৰ নাম সন্নিবিষ্ট হ’ল। ইয়াৰ বিপৰীতে বাদ পৰি ৰল প্ৰায় ৪০ লাখ জনসাধাৰণৰ নাম। পূৰ্ণাংগ খচৰাখন প্ৰকাশ হোৱাৰ পিছত মুখ্যমন্ত্রীয়ে ব্ৰহ্মপুত্র অতিথিশালাত এক সংবাদমেল আয়োজন কৰে। তেখেতে সংবাদমেলত মন্তৰ্ব্য কৰে যে জাতি, ধৰ্ম, নিৰ্বিশেষে এই খচৰাখন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। পৰৱৰ্তী সময়তো ভাতৃত্ববোধ, শান্তি, শৃংখলা বজাই ৰাখি চুড়ান্ত খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্রত সহযোগ কৰিবলৈ আহ্বান জনায়। লগতে উল্লেখ কৰে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সম্পূৰ্ণ গণতান্ত্রিক প্ৰক্ৰিয়াৰে এই খচৰাখন প্ৰস্তুত কৰা হৈছে। ইয়াত বিৰোধী দলৰ নেতাসকলৰ মন্তৰ্ব্য লোৱা হৈছিল, একক ভাৱে সিদ্ধান্ত লৈ এই খচৰা প্ৰস্তুত কৰা নাই। চুড়ান্ত খচৰা প্ৰকাশ পালেহে সঠিকতা নিৰ্দ্ধাৰণ কৰা হ’ব। এই মন্তৰ্ব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ। আনহাতে আছুৰ সমুজ্বল ভট্ৰাচাৰ্য্যও এন আৰ চিৰ খচৰাকলৈ সন্তোষ প্ৰকাশ কৰে।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা