বৰ্তমান সময়ত সংবাদ মাধ্যমৰ আত্ম বিশ্লেষনৰ প্রয়োজনীয়তা আহি পৰিছে কিয়নো আজিকালি একাংশ সংবাদ মাধ্যমে সত্যতা পৰ্যবেক্ষণ নকৰাকৈ সংবাদ পৰিবেশন কৰি আহিছে ।মানুহে নাচাই বুলি মই নেতিবাচক অথবা মছলাদায়ক খবৰ দিয়াটো উচিত নহয়, এই মন্তব্য বিশিষ্ট সাংবাদিক ,লেখিকা মাইনী মহন্তৰ । আজি মহানগৰীৰ নয়নপুৰস্থিত এন ই ফ’কাচৰ কাৰ্য্যালয় আৰু ষ্টুডিঅ’ শুভ উদ্বোধন কৰি সাংবাদিক গৰাকীয়ে কয় যে সংগীতা শইকীয়াই এন ই ফ’কাচ ডট কমৰ জৰিয়তে যি প্রচেষ্টা হাতত লৈ আহিছে মই মহিলা হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছো ।মই এই মাধ্যমৰ ভৱিষ্যত আছে বুলি ভাবো।আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অধিবক্তা দীপক শৰ্মাই কয় যে যদিও এটা অনুষ্ঠান হঠাতে গঢ়লৈ বা সফল হৈ নুঠে তথাপি হতাশ নহৈ ধৈৰ্য্য আৰু একাগ্ৰতাৰে আগবাঢ়ি যোৱা উচিত।বিশিষ্ট বাতৰি পৰিবেশক বনদীপ গোস্বামীয়ে শুভেচ্ছা জনাই কয় যে দীৰ্ঘদিন ধৰি মই এন ই ফ’কাচ ডট কমৰ বাতৰি পঢ়ি খুবেই আপ্লুত হৈছো। কিয়নো ইয়াত তথ্য সমৃদ্ধ আৰু ইতিবাচক খবৰ প্রকাশ পায়। উল্লেখযোগ্য যে এন ই ফ’কাচ ৰ কিছুমান বাতৰি অচিৰেই ইউটিউৱ চেনেল যোগে সম্প্ৰচাৰিত হ’ব | অনুষ্ঠানত এন আৰ এলৰ প্রচাৰ সম্বন্বয়ক মধুচন্দা অধিকাৰী, জ্যেষ্ঠ সাংবাদিক অমল গুপ্তাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan