ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি দিৱসৰ লগত সংগতি ৰাখি এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কেডেট সকলে ২৭ নৱেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলক সোঁৱৰণ কৰে।এই উপলক্ষে ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ হুভে উপাধ্যায়ৰ নেতৃত্বত প্ৰায় ৫০জন কেডেটে যুদ্ধ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে।যি স্মাৰক ক্ষেত্ৰ যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সেই মহান সৈনিকসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।সৈনিক সকলৰ সেই মহান বলিদানক সন্মান জনোৱাৰ বাবে কেডেট সকলে অমৰ জোৱান জ্যোতিত শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ উপৰিও মহান সৈনিক সকলক সোঁৱৰণ কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন