ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ স্বীকৃতিপ্ৰাপ্ত আৰু ভাৰতৰ সশস্ৰ বাহিনী সমূহৰ সকলো পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত সৈনিক সকলৰ কল্যাণৰ বাবে গঠিত সৰ্বভাৰতীয় সংগঠন “অখিল ভাৰতীয় পূৰ্ব সৈনিক সেৱা পৰিষদ” চমুকৈ “এবিপিএছএছপি”ৰ অসমত সংগঠনটোৰ ৰাজ্যিক সমিতি গঠনকে ধৰি কাম-কাজ সমূহ আৰম্ভ কৰাৰ বাবে ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ, সৈনিক কল্যাণ সঞ্চালকালয়, অসমৰ প্ৰাক্তন সঞ্চালক কমলেশ চন্দ্ৰ চৌধুৰীক আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে।সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ভি কে চতুৰ্বেদিয়ে যোৱা ১৬ অক্টোবৰত কমলেশ চন্দ্ৰ চৌধুৰীক এক পত্ৰ প্ৰেৰণ কৰি এই নিযুক্তিৰ বিষয়ে অৱগত কৰি সৈনিক কল্যাণ সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত সুখ্যাতিৰে প্ৰায় ৮ বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়ক এক নতুন মাত্ৰা প্ৰদান কৰা অভিজ্ঞতাৰে অসমত “এবিপিএছএছপি”ৰ কাম-কাজ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ ৫ নং উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰীয়ে ১৯৭৪ চনৰ জুলাই মাহত ভাৰতীয় নৌ সেনাত এক্টিং চাব লেফটেনেণ্ট হিচাপে যোগদান কৰিছিল। তাৰ পাছত সুখ্যাতিৰে ৩৫ বছৰ দেশৰ লগতে বিদেশতো কাৰ্যনিৰ্বাহ কৰি ২০০৯ চনৰ ৩১ জানুৱাৰীত ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীর্ষ পদবী হিচাপে পৰিগণিত কম’ডৰ পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা মডেলৰ (ভিএছএম) দৰে সন্মানীয় পদকৰে বিভূষিত চৌধুৰীয়ে পৰবৰ্তী ২০০৯ চনৰে ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ অধীনৰ সৈনিক কল্যাণ সঞ্চালকলয়ত সঞ্চালক হিচাপে যোগদান কৰে। তাৰ পাছত ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ সুখ্যাতিৰে প্ৰায় চাৰে সাত বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়টোক গতিশীল কৰাৰ লগতে এক নতুন মাত্ৰা প্ৰদান কৰে। উল্লেখযোগ্য নৌ সেনাত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত কমলেশ চন্দ্ৰ চৌধুৰীয়ে ৰাছিয়াৰ ছেন্ট পিতাছবার্গত সেৱা আগবঢ়াইছিল। ইয়াৰ উপৰিও আফ্ৰিকা মহাদেশৰ কেনিয়াৰ ৰাজধানী নাইৰবীস্থিত ভাৰতীয় দূতাবাসতো তেওঁ প্ৰতিৰক্ষা উপদেষ্টা হিচাপে ৩ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ত আফ্ৰিকাৰ কেনিয়াৰ উপৰি ছোমালিয়া, টাঞ্জানিয়া, কেমেৰুণ আদি দেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আনকি ভাৰতীয় নৌ সেনাৰ দুখন গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজ আই এন এছ গংগা আৰু সুকন্যাৰ কমাণ্ডিং অফিচাৰৰ দায়িত্বত আছিল কমলেশ চন্দ্ৰ চৌধুৰী। উল্লেখযোগ্য যে বৰ্তমান তেওঁ প্ৰায় তিনি বছৰ ধৰি অসম চৰকাৰৰ অধীনৰ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ সেৱা আগবঢ়াই আহিছে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ