এমুঠি ভাল খবৰে

0 303

পৰিবেশ আৰু প্ৰকৃতিৰ সুৰক্ষা দিয়াতো সকলোৰে কৰ্তব্য। বহুতে মেলে মিটিঙে এই সম্পৰ্কে ডাঙৰ ডাঙৰ ভাষণ দিয়ে। আন কোনোৱে আকৌ জনপ্ৰিয়তা লাভ কৰিবলৈ অকল পৰিবেশ দিৱসৰ দিনাহে জাগি উঠে। এই সকলো বোৰৰ বিপৰীত দিশত অৱস্থান কৰি ছট্ৰিশগড়ৰৰ এজন শিক্ষকে অভিনৱ পন্থা গ্ৰহণ কৰিছে। ছট্ৰিশগড়ৰ জগদলপুৰৰ সুভাষ শ্ৰীবাস্তৱে গছ গছনিৰ ওপৰত দেৱ দেৱীৰ ছবি অংকন কৰিছে। যাৰ বাবে সেই অঞ্চলৰৰ গাঁৱৰ লোক সকলে গছ গছনি কটাৰ পৰা বিৰত আছে। 

আনহাতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰা মহাকাশলৈ মানৱবাহী যান প্ৰেৰণৰ চিন্তা চৰ্চা চলি আছে। এক তথ্যত প্রকাশ কৰা অনুসৰি হয়তো ২০২২চনত মানৱবাহী যান প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব। ভাৰতত প্ৰথম বাৰৰ বাবে ভোট-এৰাৰ গুটিৰে ইন্ধন প্ৰস্তুত কৰা জৈৱ ইন্ধনৰে বিমান উৰিৰ। অৱশ্যে এই উৰণ পৰীক্ষণমূলকহে আছিল। জানিব পৰা মতে ডেৰাডুনৰ পৰা নতুন দিল্লী বিমান বন্দৰলৈ স্পাইছ কিউ ৪০০ নামৰ এয়াৰ ক্ৰাফটখন পৰীক্ষণ মূলক উৰণ হয়। মাত্ৰ ২৫ মিনিট সময়ৰ ব্যৱধানত বিমান খনে লক্ষ্য স্থলীত উপনীত হয়। জৈৱ ইন্ধন ব্যৱহাৰে হয়তো বিমানৰ ভাড়া হ্ৰাস হোৱাৰ পথ মুকলি কৰিব।

Leave A Reply

Your email address will not be published.