সমগ্র অসম, দেশ তথা বিশ্বৰ পৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জাতি- জনগোষ্ঠীৰে অপায়-অমঙ্গল, ব্যাধি, বেমাৰ- আজাৰৰ লগতে কৃষকৰ কৃষি পথাৰত স্বচ্ছল খেতি-বাতি, বানপানীৰ বাবে কোনো বিপদ- বিঘিনি নোহোৱাৰ বাবে আজি দক্ষিণ কামৰূপৰ অন্যতম ধৰ্মানুষ্ঠান ৰামপুৰ সনাতন ধৰ্ম মন্দিৰত হোম যজ্ঞৰ লগতে ভেলদিয়া উৎসৱ উদযাপন কৰে। ১০৩ বছৰ গড়কা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে আজিৰ পবিত্র পূৰ্ণিমা তিথিতে ভেল দিয়া উৎসৱ উদযাপন কৰি আহিছে। মহামাৰী ক`ৰণাৰ বাবে ক`ভিড প্ৰটকল মানি যথাবিহিত কাৰ্যসূচীৰে ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা নিত্য নৈমিত্তিক পূজা-অৰ্চনাৰ লগতে হোম যজ্ঞ কৰা হয়। ভাগৱত পাঠ কৰে পাঠক প্ৰণৱ কলিতাই। পূজাৰ অন্তত ভেল উটুৱাই দিয়ে ঐতিহাসিক দৰা বিলত। অনুষ্ঠানত অংশ লয় “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰভাষ চৌধুৰী, শৈলেন্দ্র কলিতা প্ৰভৃতিয়ে অংশ লয়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত কলিতা আৰু সম্পাদক ৰূপম কলিতাই জনোৱা মতে- শতায়ু গৰকা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে অতি মাঙ্গলিকভাৱে ৰাইজৰ সুমঙ্গলৰ বাবে পূজা-অৰ্চনা কৰি আহিছে। মহামাৰী ক`ৰণাৰ বাবে মূল ধৰ্মীয় কাৰ্যসূচী অটুট ৰাখি কাম কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন