ওদালগুৰি জিলাৰ চমুৱাপাৰা গেন্দ্ৰাজুলি বোঁৱতি জলসিঞ্চন আঁচনিৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

0 125

ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ওদালগুৰি জিলাৰ টংলাৰ গণকপাৰাত জলসিঞ্চন বিভাগৰ পানেৰী-কলাইগাঁও সংমণ্ডলৰ দ্বাৰা নিৰ্মিত চমুৱাপাৰা গেন্দ্ৰাজুলি বোঁৱতি জলসিঞ্চন আঁচনিৰ শুভ উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্রাপ্ত ত্বৰান্বিত জলসিঞ্চন উন্নয়ন আঁচনি (এআইবিপি),২০১৩-২০১৪ বৰ্ষৰ অধীনত ২৪ কোটি ৫০ লাখ টকা পুঁজিৰে এই প্রকল্প ৰূপায়ন কৰা হৈছে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে এই আঁচনিয়ে ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আঠখন গাঁৱৰ প্ৰায় ৬৬০ টা পৰিয়ালক উপকৃত কৰিব। ভূটানৰ পাদদেশৰ পৰা বৈ অহা কুলশীক নদীৰ পানীৰে অঞ্চলটোৰ প্ৰায় ৯৮০ হেক্টৰ এলেকাৰ কৃষি ভূমিৰ ৰাইজে কৃষিকৰ্মৰ বাবে খেতিপথাৰত পানী লাভ কৰিব।এই আঁচনিৰ দ্বাৰা উপকৃত হবলগীয়া গাঁওসমূহ হৈছে বৰধুপৰতল, খাছ ৰণথলী,দক্ষিণ বকৰাঝাৰ,ৰণথলী বাগিচা,চেঙাপথাৰ, চৌধুৰীপাৰা,নেওগপাৰা,মৰমী চক আদি।

আঁচনিখনৰ নলাসমূহৰ মুঠ দৈর্ঘ্য ১৭.৬০ কিলোমিটাৰ,যাৰ ভিতৰত ২.২৫ কিলোমিটাৰ পকী নলা আৰু বাকী ১৫.৩৫ কিলোমিটাৰ কেঁচা নলা।নলাসমূহৰ ওপৰেৰে যান-বাহন,মানুহ আৰু গৰু-ম’হ সহজে আহ-যাহ কৰিব পৰাকৈ বিভিন্ন স্থানত ১৯ টা কালভার্ট নিৰ্মাণৰ বিপৰীতে ৯৩ খন পকী স্লেবো নিৰ্মাণ কৰা হৈছে। লগতে ধাননি পথাৰত জলসিঞ্চনৰ পানী যোগানৰ বাবে ৪৯ টা নলাৰ আউটলেটো নিৰ্মাণ কৰা হৈছে।ইতিমধ্যে আঁচনিখনৰ দ্বাৰা উপকৃত খেতিয়কসকলে পানী ব্যৱহাৰকাৰী সংস্থা গঠন কৰিছে।এই আঁচনি ওদালগুৰি জিলাৰ এই বৃহত্তৰ অঞ্চলটোৰ খেতিয়ক ৰাইজৰ বাবে এক ডাঙৰ সকাহৰূপে পৰিগণিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

আজিৰ এই কাৰ্যসূচীত জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড, বিভাগৰ মুখ্য অভিযন্তা কে এম ৰাজকুমাৰৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।আনহাতে এই কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰী সিংহলে আজি পুৱা ওদালগুৰি জিলাৰ খৈইৰাবাৰী আঞ্চলিক বাথৌ মন্দিৰত সদৌ বাথৌ মহাসভাৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সোণালী জয়ন্তী উদ্‌যাপন কাৰ্যসূচীৰ লাইখুঁটা স্থাপন কৰে।

Leave A Reply

Your email address will not be published.