কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী

0 184

ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰা যোৱা ৭ ছেপ্তেম্বৰৰ কন্যাকুমাৰীৰ আৰম্ভ কৰি ২৯ জানুৱাৰীত শ্ৰীনগৰ লালচকত সফলভাবে সামৰণী পৰে। ৪০৮০ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত শ্ৰীনগৰ লালচকত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি এই যাত্ৰাৰ সামৰণী পেলায়। কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰ লালচকলৈ ১৪ খন ৰাজ্যৰ ১৫০ দিনৰ ভাৰত জড়ো যাত্ৰাৰ নেতৃত্ব দিছে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে। এই যাত্ৰাত ৰাহুল গান্ধীৰ ১১৯ জনীয়া টীমত ভাৰত যাত্ৰী হিচাবে অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি তথা বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা নিবাসী বিকাশ নাথ যোগী, সেৱা দলৰ সক্ৰিয় কৰ্মী তথা বৰপেটাৰ গোলাম ছোৰোৱাৰ আৰু নগাঁও ৰহাৰ দিব্যজ্যোতি বৰাই অংশ গ্ৰহণ কৰিছে। দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ ৪৩ খন জিলাত প্ৰায় ৪০৮০ কিলোমিটাৰ খোজ কাঢ়ি ঐতিহাসিক ভাৰত জোড়ো যাত্ৰাই তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰি কেৰেলা, কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থানৰ জয়পুৰ আদিকে ধৰি বহুকেইখন জিলা অতিক্ৰম কৰি শেষত শ্ৰীনগৰ লাল চ’কত উপস্থিত হৈ সমাপ্ত কৰে। দেশক বিভাজন কৰিবলৈ ওলোৱা আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক ইচ্ছ্যুৰ বিৰুদ্ধে একত্ৰিত হৈ ৰাহুল গান্ধীৰ লগত হাজাৰ হাজাৰ জনসাধাৰণে অংশীদাৰ হৈছে। এই যাত্ৰাই নিৱনুৱা সমস্যা, মুদ্ৰাস্ফীতি, ঘৃণাৰ জৰিয়তে বিভাজন সৃষ্টি কৰাৰ ৰাজনীতি আৰু সংবিধান সুৰক্ষা, ৰাজনৈতিক ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে বিশেষভাৱে সম্বোধন কৰিব বিচাৰিছে। প্ৰাক্তন সৈনিক, অভিনেতা- অভিনেত্ৰী, প্ৰাক্তন ক্ৰিকেটাৰ, চলচ্চিত্ৰ পৰিচালক, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়াৰ দৰে বহু চিনাকি ব্যক্তিয়ে ৰাহুল গান্ধীৰ এই যাত্ৰাত সংগ দিছে। এই যাত্ৰাত বিপদকো নিওচি ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি গৈছিল অসমৰ তিনি যুৱকে। এই যাত্ৰাত অংশীদাৰ হোৱাত অসমৰ তিনি যুৱকক বিধান সভাৰ বিৰোধী দ্লপতিকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ বিষয়ববীয়া তথা শুভকাংশীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.