ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন

0 146

১৯৫২ চনতে প্ৰতিষ্ঠা লাভ কৰা অসম গাঁওৰক্ষী বাহিনীৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে ঢকুৱাখনা সদৰ থানা চৌহদত উদযাপন কৰা হয়।লখিমপুৰ জিলাৰ  ঢকুৱাখনা  সদৰ থানা গাঁওৰক্ষী বাহিনীৰ  উদ্যোগত দেওবাৰে পুৱা বাহিনীৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত  প্ৰথমে শ্বহীদ তৰ্পণ কৰে বাহিনীৰ গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি কৃষ্ণ কমল বৰাই । বাহিনীৰ কৰ্মকর্তা লম্বিত দাসে আঁত ধৰা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ে । গাঁওৰক্ষী বাহিনীৰ সম্পাদক গুণ দাস , উপ সভাপতি নৃপেন দাস আদি শতাধিক গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আৰু কৰ্মকর্তা উপস্থিত থকা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ে অসম আৰক্ষীৰ অন্যতম অংগ স্বৰূপ গাঁওৰক্ষী বাহিনীৰ সদা সক্ৰিয়তাই সামগ্ৰিক ভাৱে শান্তি শৃংখলা আৰু সুস্থ পৰিবেশ বৰ্তাই ৰাখে বুলি কৈ এই ক্ষেত্ৰত ঢকুৱাখনা গাঁওৰক্ষী বাহিনীৰ সহযোগিতাৰ শলাগ লয়। ৯৯ খন পঞ্জীভূত গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধি উপস্থিত থকা প্ৰতিষ্ঠা দিৱসত অধিক দায়বদ্ধতাৰ অনাগত সময়ত সেৱা আগবঢ়াই যাবলৈ সংকল্প গ্ৰহণ কৰে । প্ৰতিষ্ঠা দিৱসত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক  সমাজপ্ৰাণ হৰি নাৰায়ণ বৰুৱা অমৰ হওক , ঢকুৱাখনা গাঁওৰক্ষী বাহিনী জিন্দাবাদ আদি ধ্বনি দিয়ে  ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.