পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে

0 151

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত দৰং জিলা প্রশাসনে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা মুকলি সভাত অংশগ্ৰহণ কৰে।

পথৰুঘাটৰ কৃষক বিদ্ৰোহক ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গৌৰৱোজ্জ্বল অধ্যায় আখ্যা দি মুখ্যমন্ত্ৰী ড° শৰ্মাই এই উপলক্ষে প্রদান কৰা ভাষণত কয় যে অসমৰ কৃষকৰ অদম্য সাহস আৰু অদমনীয় সত্তাৰ প্রতিভূ হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ। এই কৃষক বিদ্ৰোহ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্রাক্‌কালীন ঘটনাসমূহৰ অন্যতম। বৰ্দ্ধিত খাজনাৰ প্রতিবাদত সূচনা হোৱা এই বিদ্ৰোহে পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ স্বাধীনতা আন্দোলনক এক নতুন গতি প্রদান কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই কৃষক বিদ্ৰোহে স্বদেশপ্ৰেমৰ ভাৱাবেগেৰে চৌদিশ চুই যাবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত এই বিদ্ৰোহে অসমৰ জনসাধাৰণক পৰাধীনতাৰ পৰা দেশক মুক্ত কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সাহস যোগাইছিল। তেওঁ লগতে কয় যে মাতৃভূমিৰ প্রতি কৃষকৰ এই ত্যাগে সদায়ে দেশৰ হকে সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে পথৰুঘাটৰ শ্বহীদ কৃষকসকলক ৰাষ্ট্ৰীয় মৰ্যাদা প্রদানৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে। পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ এই ঘটনাই যাতে দেশ-বিদেশত প্রচাৰ লাভ কৰিব পাৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে ইংৰাজী আৰু হিন্দী ভাষাত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আগশাৰীৰ বৈদ্যুতিন মাধ্যমযোগে প্ৰচাৰৰ উদ্যোগ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ অনুষ্ঠানত ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পথৰুঘাটৰ স্মাৰকস্থলীলৈ অহা পথছোৱা দুইশাৰীয়াকৈ নিৰ্মাণ কৰা হ’ব। তেনেদৰে, বিগত বানপানীত ছিপাঝাৰ অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা সকলোবোৰ মথাউৰি সবলকৈ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। পথৰুঘাটত থকা কৃষি প্ৰশিক্ষণ কেন্দ্ৰটোত বিভিন্ন সা-সুবিধা উপলব্ধকৰণেৰে কেন্দ্ৰটোক ৰাজ্যিক পৰ্যায়ৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ ল’বলৈ তেওঁ ভাষণ প্ৰসংগত কৃষি বিভাগক আহ্বান জনায়।

কৃষি বিপ্লৱৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ ওপৰত ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ৰাজ্যৰ কৃষি খণ্ডই সম্প্ৰতি মুঠ ঘৰুৱা উৎপাদনলৈ প্রায় ২২ শতাংশ বৰঙণি আগবঢ়ায় যদিও এই বৰঙণিৰ পৰিমাণ এসময়ত ৩৫ শতাংশতকৈও অধিক আছিল। কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত ৰাজ্যৰ অৰ্থনীতিলৈ কৃষিখণ্ডৰ অৱদানৰ পৰিমাণ ক্ৰমাত হাস পাবলৈ ধৰাটো পৰিলক্ষিত হয়। তেওঁ সদৰি কৰে যে অসমে প্রতি বছৰে ৩০ হাজাৰ কোটি টকাৰ খাদ্যসম্ভাৰ আমদানি কৰিবলগা হয়। ইয়াৰ পৰিৱৰ্তে ৰাজ্যত কৃষি বিপ্লৱ আৰম্ভ কৰিব পাৰিলে অসমে আত্মনিৰ্ভৰশীল হোৱাৰ দিশত গতি কৰিব পাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৃষক সমাজে ধানৰ লগতে মাহ জাতীয় শস্য আৰু বাণিজ্যিকভাৱে চাহিদা থকা গছৰ কৃষিকৰ্মেৰে ৰাজ্যৰ অৰ্থনীতিলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাত সহায় কৰিব পাৰে। ৰাজ্যৰ কৃষিখণ্ডলৈ শিক্ষিত যুৱক-যুৱতীসকলক আকৰ্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রচেষ্টা লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষিভূমিৰ কৃষকসকলক সমবায়ভিত্তিত কৃষিকৰ্ম আৰম্ভ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধি পোৱাৰ লগতে কৃষি অৰ্থনীতিও যথেষ্ট সবল হৈ পৰিব। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বাণিজ্যিকভাৱে চাহিদা থকা গছ-গছনিৰ কৃষিকৰ্মত গুৰুত্ব আৰোপ কৰি কয় যে অসমৰ সাৰুৱা ভূমিত শাল-চেগুন আদিৰ দৰে গছ ৰোপণে ৰাজ্যৰ অৰ্থনীতিলৈ যথেষ্ট অৰিহণা যোগাব পাৰে। সমাগত বাজেটত বাণিজ্যিকভাৱে চাহিদা থকা গছ ৰোপণৰ বাবে জনসাধাৰণক আকৰ্ষণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। তেনেদৰে, সমাগত বাজেটত উদ্যমী যুৱক-যুৱতীসকলৰ বাবে ৫ হাজাৰ কোটি টকাৰ এখন আঁচনি আৰু মীন পালন, মৎস্য-খাদ্য উৎপাদন আদিত জড়িত হোৱাৰ বাবে নিৱনুৱা যুৱক-যুৱতীসকলক উৎসাহ যোগাবলৈ আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে । ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা ২.০ আঁচনিৰ কথা উল্লেখ কৰি যিসকল কৃষকে চৰকাৰী পতিত মাটিত কৃষিকৰ্ম কৰি আছে তেওঁলোকক মাটিৰ পট্টাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে সমাজৰ দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কাষত ঠিয় হ’বলৈ চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী ১২৫০ টকাকৈ প্রদান, আয়ুস্মান ভাৰত আঁচনিৰ অধীনত বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা, ৪০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্রদান আদিকে ধৰি বিভিন্ন পদক্ষেপ হাতত লৈছে।

কৃষিমন্ত্ৰী অতুল বৰা আৰু স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ভাষণ প্রদান কৰা এই সভাত বন আৰু পৰিৱেশ আদি বিভাগৰ লগতে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কসকল দুৰ্গাদাস বড়ো, বসন্ত দাস, মজিবুৰ ৰহমান, প্রাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° আশীষ কুমাৰ ভূটানী, কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানী আৰু জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.