কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ উদ্যোগত তিনি ছেপ্টেম্বৰত ভাৰতীয় জ্ঞান প্ৰণালী (IKS) ওপৰত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাই অতিথি বক্তা হিচাপে ভাগ লৈ ভাষণত বিজ্ঞান আৰু প্ৰাচীন শাস্ত্ৰৰ মাজত পৰস্পৰ সম্পর্কৰ বিষয়ে আলোচনা কৰে আৰু কয় যে প্রাচীন গ্ৰন্থত সংৰক্ষিত জ্ঞান সাম্প্ৰতিম সময়তো প্ৰাসংগিক। সংস্কৃত ভাষাৰ প্ৰতিটো সংস্কৃতৰ শ্লোকৰে বৈজ্ঞানিক অৰ্থ আছে। ভাৰতৰ চহকী ঐতিহ্যই সাংস্কৃতিক ঐতিহ্যৰ ভিত্তি গঢ়ি তুলিছে । ইয়াৰ উদাহৰণ হিচাপে তেওঁ বৈদিক যুগৰ দাৰ্শনিক গাৰ্গী ৱাচক্নৱী আৰু গণিতজ্ঞ লীলাৱতীৰ নাম উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই চমু ভাষণত প্ৰাচীন জ্ঞান পদ্ধতিৰ সমৃদ্ধিৰ বিষয়ে মত প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰাণীবিদ্যা বিভাগৰ মুৰব্বী তথা জীৱবিজ্ঞান অনুষদৰ ডীন অধ্যাপক অৰূপ কুমাৰ হাজৰিকাই আদৰণি ভাষণত প্ৰাচীন ভাৰতীয় জ্ঞানোপলব্ধিৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সঞ্চালক ডঃ হীৰেন ডেকা প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকা , গৱেষক আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাৰতীয় জ্ঞান প্ৰণালীৰ আধুনিক প্ৰাসংগিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন