সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱৰ। এই মহোৎসৱত মহামানৱ মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত কেবাখনো ছবি বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা হয়। পুৱা ১০ বজাত চলচ্চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ লগতে তেখেতৰ জীৱনৰ আধাৰত নিৰ্মিত বিভিন্ন কথাছবিৰ বিষয়ে সংক্ষিপ্ত আভাষ দিয়ে আৰু প্ৰদৰ্শনীত দেখুওৱা ছবিসমূহে দৰ্শকৰ জীৱন অহিংসাৰ আদৰ্শৰে প্ৰভাৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত মহাত্মা গান্ধীৰ জীৱনভিত্তিক কথাছবি প্ৰদৰ্শনৰ বাবে ৰাজ্যপালগৰাকীয়ে যি চিন্তা-চৰ্চা কৰিছে, ই সঁচাকৈয়ে গঠনমূলক। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্যপালগৰাকীৰ পৰিকল্পনাৰে এই মহোৎসৱ অনুষ্ঠিত কৰিছে বুলি তেওঁ ব্যক্ত কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি গান্ধী পেনোৰামাৰ অধ্যক্ষ দেৱেন্দ্ৰ খান্দেলৱালে মহাত্মা গান্ধীৰ ওপৰত ছবি নিৰ্মাণৰ বিভিন্ন থল আছে বুলি মন্তব্য কৰে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী, কামৰূপ জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, তথা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, বহু ছাত্ৰ-ছাত্ৰী তথা আন-আন কলাপ্ৰেমী ৰাইজ উপস্থিত থকা এই মহোৎসৱত কস্তুৰবা গান্ধী আশ্ৰমৰ সেৱিকাসকলে প্ৰাৰ্থনা পৰিবেশন কৰাৰ পিছতে ‘দ্য মেকিং অৱ মহাত্মা’, ‘ৰড টু সংগম’, ‘গান্ধী মাই ফাদাৰ’, নামৰ মুঠ তিনিখন ছবি প্ৰদৰ্শন কৰা হয়।
Trending
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ