সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱৰ। এই মহোৎসৱত মহামানৱ মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত কেবাখনো ছবি বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা হয়। পুৱা ১০ বজাত চলচ্চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ লগতে তেখেতৰ জীৱনৰ আধাৰত নিৰ্মিত বিভিন্ন কথাছবিৰ বিষয়ে সংক্ষিপ্ত আভাষ দিয়ে আৰু প্ৰদৰ্শনীত দেখুওৱা ছবিসমূহে দৰ্শকৰ জীৱন অহিংসাৰ আদৰ্শৰে প্ৰভাৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত মহাত্মা গান্ধীৰ জীৱনভিত্তিক কথাছবি প্ৰদৰ্শনৰ বাবে ৰাজ্যপালগৰাকীয়ে যি চিন্তা-চৰ্চা কৰিছে, ই সঁচাকৈয়ে গঠনমূলক। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্যপালগৰাকীৰ পৰিকল্পনাৰে এই মহোৎসৱ অনুষ্ঠিত কৰিছে বুলি তেওঁ ব্যক্ত কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি গান্ধী পেনোৰামাৰ অধ্যক্ষ দেৱেন্দ্ৰ খান্দেলৱালে মহাত্মা গান্ধীৰ ওপৰত ছবি নিৰ্মাণৰ বিভিন্ন থল আছে বুলি মন্তব্য কৰে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী, কামৰূপ জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, তথা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, বহু ছাত্ৰ-ছাত্ৰী তথা আন-আন কলাপ্ৰেমী ৰাইজ উপস্থিত থকা এই মহোৎসৱত কস্তুৰবা গান্ধী আশ্ৰমৰ সেৱিকাসকলে প্ৰাৰ্থনা পৰিবেশন কৰাৰ পিছতে ‘দ্য মেকিং অৱ মহাত্মা’, ‘ৰড টু সংগম’, ‘গান্ধী মাই ফাদাৰ’, নামৰ মুঠ তিনিখন ছবি প্ৰদৰ্শন কৰা হয়।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান