দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত বিশিষ্ট লেখিকা, শিক্ষাবিদ তথা ভাগৱতীপাৰাস্থ মাধৱদেৱ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চন্দ্রপ্ৰভা দেৱীক নিজ বাসভৱনত ৰাজ্যৰ সমন্বয়-সংহতি-ঐকাতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। চেলেং চাদৰ, স্মাৰক, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা প্ৰদান কৰি “বহুবাক” ৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই কয়- জীয়াই থাকোঁতে মানুহক কৰ্মৰ স্বীকৃতি দিব লাগে। সুস্হ অৱস্থাত কৰ্মৰ স্বীকৃতি পালে আৰু কাম কৰাৰ প্ৰেৰণা পায়। প্ৰেৰণাই শক্তি যোগায়। মৃত্যুৰ পিছত পৃথিবী বিখ্যাত সন্মান পালেও অৰ্থহীন।সভাত গীতিকাৰ, গায়ক জিতেন্দ্র মোহন দাসে অংশ লৈ যথাসময়ত গুণীজনক সন্মান জনোৱাটো সকলোৱে চেষ্টা কৰিব লাগে। অনুষ্ঠানত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, কবি শিৰষ দাস, কবি স্বপ্না শৰ্মা, লেখক পদ্মৰাম নাথ, চেংপাৰা ৰাইজ গয়ৰহৰ সভাপতি লালমোহন নাথ, শিক্ষক ৰঞ্জিৎ মহন্ত প্ৰভৃতি বিশিষ্ট ব্যক্তিবর্গ উপস্থিত থাকে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক