কবি সন্মিলন সম্পন্ন

0 260

কালি গুৱাহাটী প্ৰেছ ক্লাৱত দিন যোৰা কাৰ্য্যসূচীৰে সদৌ অসম কবি সন্মিলনৰ স্বীকৃত শাখা দিশপুৰ কবি সন্মিলনৰ বৰ্তমান কাৰ্যভাৰ সমিতিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি শাখাৰ বাৰ্ষিক আলোচনী “কাব্যকুঞ্জ”খন প্ৰকাশ কৰা হ’ল। দিশপুৰ কবি সন্মিলনৰ সম্পাদিকা আইমনি শৰ্মাৰ উদ্দেশ্য বাখ্যাৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ সভাপতিত্ব কৰে মৌচুম বুঢ়াগোহাঁয়ে। আনহাতে সভাত মুখ্য উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি মনজিৎ সিং। অনুষ্ঠানটিত বিশেষভাৱে উপস্থিত থাকে শাখাৰ উপদেষ্টা ভুৱন লহকৰ, উপদেষ্টা পূৰবী বৰা, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি চামছুল হক, সম্পাদিকা জোনালী মজুমদাৰ, সমালোচক বিপুল শৰ্মা, সমালোচক ডক্টৰ হাঁচিনুছ চুলতান । কেইবাজনো নবীন প্ৰবীণ কবি উপস্থিত থাকি গাম্ভীৰ্য পূৰ্ণ কৰি তোলা আজিৰ সভাত জ্যেষ্ঠ কবি শান্তিশ্ৰী দত্তক এই অনুষ্ঠানতে শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানতে এখনি স্ব-ৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। কবি অনুভৱ তুলসীয়ে বিচাৰকৰ আসন গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত প্ৰথম পুৰস্কাৰ লাভ কৰে কবি জোনমণি দাস,দ্বিতীয় বেবীৰাজ ৰাজখোৱা, তৃতীয় দ্বীপৰাজ, উদগনি বঁটা ডঃ জয়শংকৰ দাসে। বঁটা সমূহ আগবঢ়াইছে বিশিষ্ট ঔপন্যাসিক প্ৰয়াত কুমাৰ কিশোৰৰ সোঁৱৰণত তেখেতৰ জীয়ৰী পূৰবী বৰাই ।

Leave A Reply

Your email address will not be published.