কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলিৰে ..

0 395

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
তুমি সাৰে আছা
সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি
আজি ৰাভা দিৱস। ১৯৬৯চনৰ আজিৰ দিনটোতেই সৈনিক শিল্পী বিষ্ণু ৰাভাদেৱৰ মৃত্যু হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন সৈনিক শিল্পীয়েই নাছিল, তেখেত আছিল একেধাৰে এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযুঁজাৰু।
 
 
অধ্যয়ন কৰি থকাৰ সময়তে ৰাভাদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। তাৰ পিছত তেখেতে চি পি আই দলত যোগদান কৰে। ১৯৩৫চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰি উলায়াইছিল। সেই বোলছবিখনৰ নৃত্য পৰিচালনা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তাৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী আৰু শোণিতকুঁৱৰী নাটক দুখনৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ১৯৩৯চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত শিৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰিছিল। যাৰ বাবে সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাভাদেৱক প্ৰদান কৰিছিল কলাগুৰু উপাধি।
 
 
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কলেজত অধ্যয়ন কৰি থকা দিনৰ পৰাই প্ৰৱন্ধ লিখিছিল। ৰাভাদেৱে অসমীয়া সাহিত্যৰ ভৰাললৈ বহুখিনি অৱদান আগবঢ়াই থৈ গৈছে। কেৱল প্ৰৱন্ধই নহয় ৰাভাদেৱে সংগীত, কবিতা, গল্প, উপন্যাসৰ লগতে অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰৱন্ধ পুথিসমুহৰো ৰচনা কৰিছিল। তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। ইয়াৰ উপৰিও ৰাভাদেৱে এৰাবাটৰ সুৰ, ছিৰাজ আৰু প্ৰতিধ্বনিত অভিনয় কৰিছিল। সেই সময়ৰ জনপ্ৰিয় ছবি ছিৰাজত কেৱল অভিনয়েই কৰা নাছিল। নটসূৰ্য ফণী শৰ্মাৰ সৈতে একেলগে ছিৰাজ বোলছবিখন পৰিচালনাও কৰিছিল।
 
 
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে ২০০৯চনৰ ৩১জানুৱাৰী তাৰিখে এটি বিশেষ ডাকটিকটৰ উন্মোচন কৰে। স্মৰ্তব্য যে এই মহান শিল্পী গৰাকীৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে ইতিপূৰ্বে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক দুখন জীৱনী গ্ৰন্থ লিখিছিল। সমান্তৰালভাৱে ৰাভাদেৱৰ সোঁৱৰণত অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানীত কৰি আহিছে। কলাগুৰু জনালৈ শ্ৰদ্ধা জনাই ২০জুনৰ দিনটোক ৰাভা দিৱস হিচাপে পালন কৰা হয়।আজি এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে সুঁৱৰিছো।

Leave A Reply

Your email address will not be published.