তুমি সুবাস অসমীৰে,তুমি সুৱাস সৃষ্টিৰে..হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পদক্ষেপত অহা ৩১ আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ,২০২০।কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন,জুবিন ফেন ক্লাৱ আৰু টংলাবাসী ৰাইজৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।এই মহোৎসৱৰ শুভাৰম্ভণী কৰিব সাহিত্য অকাডেমী বঁটা বিজয়ী,টংলা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ ৰীতা বড়োৱে।অনুষ্ঠানৰ লগত সংগতি ৰাখি ৩১ তাৰিখে এক বৰ্ণাঢ্য শোভাযাত্রা কৰিব।উল্লেখ্য যে টংলাৰ চমুৱাপাৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থায়ী প্ৰতিমূৰ্তি উন্মোচিত কৰিব পৃথ্বিৰাজ ৰাভা,হেমৰাজ ৰাভা আৰু জুবিন গাৰ্গে।এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাভা সংগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।১ ফেব্ৰুৱাৰীত চাইক্লিঙ,ৰক্তদান শিবিৰৰ লগতে অন্তৰংগ আলাপ,লোকনৃত্যানুষ্ঠান,বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।সন্ধিয়ালৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।উদ্যোক্তাসকলে এই দুদিনীয়া মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে।সবিশেষ জানিবলৈ ৯৮৫৪২৬৫৬২৮ আৰু ৯৪৩৫৬৯২৮৯৩ নম্বৰত যোগাযোগ কৰিব পাৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ