অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যখনৰ পৰা উদ্যান শস্য আৰু ফল মূল জাতীয় সা সামগ্রী দেশ বিদেশলৈ ৰপ্তানী কৰাৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলে বিশেষ ব্যৱস্থা কৰিছে।এই ব্যৱস্থাৰ অংশ হিচাপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ চৌহদৰ সমীপত অসম উদ্যোগীক উন্নয়ন নিগমৰ সহযোগত এ এ আয়ে নিমার্ণ কৰা কাৰ্গোটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।সকলো ঠিকে ঠাকে থাকিলে অহা মাৰ্চ মাহৰ ভিতৰত কাৰ্গোটো মুকলি হোৱাৰ লগতে বিমানেৰে শীক পাচলি,ফল মূল,উদ্যান শস্য জাতীয় সামগ্রী ৰপ্তানী কৰা হ’ব।আনহাতে ২৪ জানুৱাৰীত এ এ অাইৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল,গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ,এ এ আই চি এল এচৰ উপ মহাপ্ৰৱন্ধক এন বামা আৰু এ আই ডি চিৰ কেবাগৰাকী শীৰ্ষ বিষয়াই নিৰ্মাণ প্ৰায় সম্পূর্ণ হোৱা কাৰ্গো ক্ষেত্র চৌহদ পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কাৰ্গো চৌহদৰ কাৰ্গো নিৰ্মাণৰ লগত জড়িত বিষয়া অভিযন্তা সকলক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য বিগত ২০১৯ বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কাৰ্গো কেন্দ্রটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল।প্ৰায় ৪,০৫০ বৰ্গমিটাৰ মাটিকালিৰে আবৃত চৌহদটোত এ এ আয়ে কাৰ্গো নিৰ্মাণ কৰাৰ বাবে ২০১৭ চনতে এ আই ডি চি ক বছৰি মাত্র এটকা ৰাজহৰ বিনিময়ত লীজ দিছে।প্ৰায় ২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দহ হাজাৰ মেট্ৰিক টন সামগ্রী সৰবৰাহ হ’লে ৰাজ্যৰ কৃষক সকল উপকৃত হোৱাৰ লগতে কৃষি ক্ষেত্রত ইতিবাচক প্ৰভাৱ পৰিব বুলি ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে আশা ব্যক্ত কৰিছে।ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও প্ৰয়োজনীয় সহায় লাভ কৰা হৈছে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী