কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত মিনি কম্বাইন হাৰ্বেষ্টাৰৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ

0 263

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কে ভি কে ) , কামৰূপ আৰু মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ( কে ভি কে ) যৌথ উদ্যোগত , এপাৰ্ট প্ৰকল্পৰ অধীনত অলপতে কাঁহিকুছিত মিনি কম্বাইন হাৰ্বেষ্টাৰৰ ওপৰত দুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । আনহাতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত কে ভি কে , কামৰূপৰ মূৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতা , উদ্যান শস্য গৱেষণা বিভাগৰ বিজ্ঞানী ডঃ প্ৰমোদ চন্দ্ৰ ডেকা , ইৰিৰ বিশেষজ্ঞ ডঃ ৰোহিত কুমাৰ নামদেও আৰু মিনি কম্বাইন হাৰ্বেষ্টাৰৰ লগত জড়িত ধৰ্মেশ পেটেল । আনহাতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , মৰিগাঁও , কাছাৰ আৰু গোৱালপাৰা জিলাৰ ৪০ জন নিৰ্বাচিত কৃষক আৰু সম্প্ৰসাৰণ কৰ্মীয়ে ভাগ লয় । প্ৰশিক্ষণ কাৰ্যসূচীত ইৰিৰ বিশেষজ্ঞ ডঃ ৰোহিত কুমাৰ নামদেও আৰু ধৰ্মেশ পেটেলে কৃষি খণ্ডত যুগান্তকাৰী প্ৰভাৱ পেলাব পৰা মিনি কম্বাইন হাৰ্বেষ্টাৰ নামৰ যন্ত্ৰটোৰ কিদৰে ব্যৱহাৰ , পৰিচালনা কৰিব লাগে তাৰ প্ৰদৰ্শন কৰাৰ লগতে কৃষক সকলে ইয়াৰ দ্বাৰা কেনেকৈ আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাখ্যা দাঙি ধৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.