কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত ২৫ আগষ্টৰ পৰা আজিলৈ “ড্ৰাই গ্ৰীণ্ডিং মেচিন আৰু পৰ্টেবোল ৰাইচ মিল” সন্দৰ্ভত এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিমলা প্ৰসাদ দেউৰী, উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা চি বি বি অ’ৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ প্ৰমোদ চন্দ্ৰ ডেকা। আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে এপাৰ্ট প্ৰকল্পৰ প্ৰকল্প সহায়ক ড০ মুনমী বৰাই। প্ৰশিক্ষণ শিবিৰত গোৱালপাৰাৰ সৃজনী আৰু ৰংমন কৃষি প্ৰডিউচাৰ কোম্পানীৰ কৰ্মচাৰী-কৃষক আৰু কামৰূপৰ ৰংসং কৃষি প্ৰডিউচাৰ কোম্পানীৰ কৰ্মচাৰী কৃষককে ধৰি সৰ্বমুঠ কুৰি গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। এপাৰ্ট আঁচনিৰ তত্বাৱানত গঠন হোৱা এফ পি চি সকলক স্বাৱলম্বী তথা আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিজন সদস্যই যাতে প্ৰকল্পৰ অধীনত লাভ কৰা যন্ত্ৰবোৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ দি নিজাববীয়াকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যৰে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । শিবিৰত সমল ব্যক্তি হিচাপে ভাগলৈ ড০ ৰহিত নামদেও আৰু সহকাৰী প্ৰকল্প বিজ্ঞানী দিবাকৰ মহদিয়ে ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়ায় ।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন