কাকতি ফৰিঙে কৃষি ভূমিত সন্ত্ৰাস চলাইছে

0 316

ক’ৰণাৰ সন্ত্ৰাসৰ মাজতে সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাস চলাইছে কাকতি ফৰিঙে। খেতি পথাৰকে আদি কৰি ৰাজপথৰ আকাশত এইজাক ফৰিঙে উৰি  ফুৰিছে । যাৰ ফলস্বৰূপে ৰাষ্ট্ৰসংঘেও  ভাৰত আৰু দক্ষিণ এচিয়াৰ বহুকেইখন দেশক সাৱধান বাণী শুনাইছে।
 
ফৰিঙবোৰ এনেদৰে বতাহত উৰিছে যেন নদীত মাছৰ উজানহে উঠিছে। উল্লেখ্য যে এই কাকতি ফৰিঙবিধে ভাৰতৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত সন্ত্ৰাস চলাই দিল্লী অভিমুখে গতি কৰিছে। এই বিশেষ কাকতি ফৰিঙ বিধে এদিনত পায় ডেৰশ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে আৰু নিমিষতে তিনিহেজাৰ লোকৰ বাবে থকা খাদ্য খাই শেষ কৰিব পাৰে।
 
বিশেষজ্ঞ সকলে মত পোষণ কৰিছে যে মৌচুমী বতাহৰ আগমনৰ সময়লৈকে কাকতি ফৰিঙবিধৰ বংশবৃদ্ধিৰ সম্ভাৱনা অতি প্ৰকট হৈ উঠিছে। স্মৰ্তব্য যে এই ফৰিঙবিধে ইতিপূৰ্বে কেনিয়া, ইথিউপিয়া আদি দেশত উপদ্ৰৱ চলাইছিল। বৰ্তমান সময়ত কৃষক সকলেও এইক্ষেত্ৰত চিন্তিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.